ডিজিটেল সংবাদ, ৱাখাঃ 'আমি ইয়াত বাৰ্মাৰ পৰা অনুমতি লবৰ বাবে থকা নাই। আমি ভাৰত চৰকাৰক এই কথাও কোৱা নাই যে আমাক ভূমি দিয়া। ইয়াত আমি আমাৰ ভূমিত শক্তিশালিভাৱে থিয় দি আছো। আমি আমাৰ ভূমিৰ বাবে কাৰো অনুমতি লোৱাৰ আৱশ্যক নাই।' এই মন্তব্য নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ নৱ নিযুক্ত অধ্যক্ষ কেহেঝু টুচ্ছুৰ।
বুধবাৰে ডিমাপুৰৰ তিনি মাইলত থকা নিহট গাঁৱৰ বাসগৃহত আয়োজন কৰা কৃতজ্ঞতা জ্ঞাপন আৰু সম্বৰ্ধনা সভাত সতীৰ্থ সংগ্ৰামীসকলৰ উদ্দেশ্য প্ৰদানৰ প্ৰথম ৰাজহুৱা ভাষণত এই মন্তব্য কৰে তেওঁ। উল্লেখ্য যে, নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ইছাক ছি ছি শ্বুৰ মৃত্যুৰ পিছত খালী হৈ পৰা চেয়াৰমেন পদত নতুনকৈ নিযুক্তি লাভ কৰা পিছত কেহেঝু টুচ্ছুয়ে কৰে এই মন্তব্য। টুচ্ছুৱে লগতে কয় যে, নগাসকলে তেওঁলোকৰ ভূমি পিতামহৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে। নগাসকলে নিজৰ ভূমি আৰু অধিকাৰ দিবৰ বাবে ম্যানমাৰ অথবা ভাৰত চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ আৱশ্যক নাই বুলিও মন্তব্য কৰে তেওঁ।
তেওঁ নগাভূমি ম্যানমাৰ বা ভাৰতক নিদিবলৈ বুলিও আহ্বান জনায়। এন এছ চি এন সদায় নিজৰ নগাভূমিৰ বাবে থিয় হৈ থাকিব বুলিও কয় তেওঁ। এন এছ চি এনৰ ষ্টেয়িং সমিতিৰ সমন্বয়ক আৰ এইচ ৰাইজিঙ উপস্থিত থকা সভাত নাগালেণ্ডৰ ৫০টা সংগঠন, সংঘ আৰু পৰিষদে নতুন অধ্যক্ষ কেহেঝু টুচ্ছুক সম্বৰ্ধনা জ্ঞাপন কৰে।
নগাভূমি আৰু অধিকাৰৰ বাবে ভাৰত, ম্যানমাৰ কোনো চুক্তি স্বাক্ষৰৰ আৱশ্যক নাই!