/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/NAGALAND-EROSION-ROAD-BLOCKADE.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডত বৃহস্পতিবাৰে নিশা হোৱা প্ৰবল বৃষ্টিপাতত স্বাভাৱিক জনজীৱনৰ ব্যাহত হোৱাৰ লগতে ক'হিমা-ইম্ফল সংযোগী ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ফলত শুকুৰবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত শ শ যানবাহন আবদ্ধ হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/26e97c3f-11df-410d-aade-cdd8fa9ec5c8-1024x768.jpg)
বিশেষকৈ ডিমাপুৰৰ পৰা মণিপুৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকে জটছমা ৰোডত ব্যাপক যানযঁটৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৰাজধানী ক'হিমাৰ সমীপৰ জটছমাত প্ৰায় ১৫ মিটাৰ অংশ পাহাৰৰ টিলাৰ পৰা ভূমিস্খলন হৈ পথটো পুতি পেলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/ed4a9f04-5ddd-4492-8f67-9463a4df5dc9.jpg)
ইফালে প্ৰশাসনে যাতায়ত সুচল কৰিবৰ বাবে জটছমা বাইপাছ পথ ব্যৱহাৰৰ কৰিছে যদিও বৰ্তমানেও যানযঁটৰ ভিৰ কমা নাই। প্ৰশাসনে শুকুৰবাৰে পুৱাৰ পৰা চাৰিখন এক্সকেভেটৰেৰে পথটো মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।