মেঘালয়ৰ লোকায়ুক্তৰূপে শপত ল’লে অসমৰ প্ৰাক্তন বিচাৰপতি প্ৰণয় কুমাৰ মুছাহাৰীয়ে

মেঘালয়ৰ লোকায়ুক্তৰূপে শপত ল’লে অসমৰ প্ৰাক্তন বিচাৰপতি প্ৰণয় কুমাৰ মুছাহাৰীয়ে

author-image
asomiyapratidin
New Update
মেঘালয়ৰ লোকায়ুক্তৰূপে শপত ল’লে অসমৰ প্ৰাক্তন বিচাৰপতি প্ৰণয় কুমাৰ মুছাহাৰীয়ে

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ৰ প্ৰথমগৰাকী লোকায়ুক্ত হিচাপে নিযুক্ত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰণয় কুমাৰ মুছাহাৰী। শ্বিলংস্থিত ৰাজভৱনত মঙলবাৰে ৰাজ্যপাল তথাগত ৰয়ে মুছাহাৰীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।

শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী মেটবা লিংডৌ, শিক্ষা মন্ত্ৰী লাকমেন ৰিম্বুই, বিৰোধী নেতা মুকুল চাংমাৰ লগতে কেবাগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে।

শপত গ্ৰহণৰ অন্তত মুছাহাৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ হ'বলৈ আহ্বান জনায়। দুৰ্নীতিৰ খবৰ পালেই লোকায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিবলৈকো সকলোকে আহ্বান জনায় মুছাহাৰীয়ে। দুৰ্নীতিৰ সৈতে কোনোধৰণৰ আপোচ কৰা উচিত নহয় বুলি উল্লেখ কৰি তেওঁ লোকায়ুক্তৰ আন ৪জন সদস্যক শীঘ্ৰে নিযুক্তি প্ৰদান কৰিবলৈকো চৰকাৰক অনুৰোধ জনায়।

উল্লেখ্য যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে নতুন মেঘালয় লোকায়ুক্ত বিধেয়ক-২০১৪ উত্থাপিত হৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্যখনত লোকায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে।