জুন্টা সামৰিক চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিল মিছ ম্যানমাৰ হটাৰ হটেট হটেট…

জুন্টা সামৰিক চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিল মিছ ম্যানমাৰ হটাৰ হটেট হটেট…

author-image
asomiyapratidin
New Update
জুন্টা সামৰিক চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিল মিছ ম্যানমাৰ হটাৰ হটেট হটেট…

ডিজিটেল সংবাদ, ৱাখা : ম্যানমাৰ নৃসংশ তথা স্বৈৰাচাৰী সামৰিক বাহিনীৰ চৰকাৰৰ বিৰুদ্ধে এবাৰ হাতত অস্ত্ৰ তুলি লৈ বিদ্ৰোহী হৈ উঠিল বাৰ্মিজ সৌন্দৰ্য ৰাণী হটাৰ হটেট হটেট । ২০১৩ চনত থাইলেণ্ড গ্ৰেণ্ড ইন্টাৰনেচনেল সৌন্দৰ্য প্ৰতিযোগিতাত ম্যানমাৰক প্ৰতিনিধিত্ব কৰা হটাৰ হটেট হটেটে ম্যানমাৰ সীমান্তত কাৰেণ প্ৰদেশত নৱ গঠিত নৃগোষ্ঠীয় বিদ্ৰোহী গোটত বাৰ্মিজ ফেডেৰেল আৰ্মিত যোগ দিয়ে ।

Advertisment

জানিব পৰামতে মিছ বাৰ্মা হটাৰ হটেট হটেটে সেনা আৰক্ষীৰ নিৰ্বিচাৰ গুলীত এগৰাকী কমেৰেডৰ মৃত্যুত ক্ষুব্ধ হৈ এনেদৰে ইউনাইটেড ডিফেন্স ফৰ্ছ নামৰ বিদ্ৰোহী গোটত যোগ দিয়ে । জানিব পৰামতে সৌন্দৰ্য ৰাণী হটাৰ হটেট হটেটে বিদ্ৰোহী যুৱক যুৱতীসকলক কাৰেণ নেচনেল ইউনিয়নৰ নৃগোষ্ঠীয় বিদ্ৰোহী শিবিৰত সামৰিক অস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ।

বৃহস্পতিবাৰে হটাৰ হটেট হটেটে তেওঁৰ ফেচবুক পেজত এটা এছাল্ট ৰাইফল কান্ধ লোৱা ফটোৰ দিয়া সৈতে দিয়া এটা পষ্টত এই বুলি লিখিছে যে এতিয়া যুদ্ধৰ সময় উভতি আহিছে । আপুনি অস্ত্ৰ, কলম আৰু কীব'ৰ্ড যিয়েই নাৰাখক কিয় গণতন্ত্ৰপন্থী আন্দোলনবা বিপ্লৱ সফল কৰিবলৈ হলে প্ৰত্যেকেই কিবা নহয় কিবা কৰা উচিত ।

উল্লেখযোগ্য যে ম্যানমাৰৰ তৰুণ প্ৰজন্মৰ আইকন তথা জনপ্ৰিয় টেলিভিছন উপস্থাপিকা হটাৰ হটটে হটেটৰ এনেদৰে বিদ্ৰোহী গোটত যোগ দিবলৈ জনোৱা আহবানে নিশ্চয় জুন্টা সামৰিক চৰকাৰৰ বিৰুদ্ধে হৈ থকা প্ৰতিবাদ অধিক প্ৰবল কৰি তুলিব ।