সকলো লোকৰে শান্তিৰ স্বাৰ্থত আলোচনাৰ আহ্বান জইন্ট লেজিছলেটৰ্ছ ফ’ৰাম অন নগা পলিটিকেল ইছ্যুৰ

সকলো লোকৰে শান্তিৰ স্বাৰ্থত আলোচনাৰ আহ্বান জইন্ট লেজিছলেটৰ্ছ ফ’ৰাম অন নগা পলিটিকেল ইছ্যুৰ

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্কঃ বুধবাৰে নগা ৰাজনৈতিক বিষয়ৰ জইন্ট লেজিছলেটৰ্ছ ফ'ৰামে (জেএলএফ) শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত নগা নেশ্যনেল পলিটিকেল গ্ৰুপছ (এনএনপিজিএছ) আৰু এন এছ চি এন (আই এম)ৰ কাৰ্যকৰী কমিটীক আহ্বান জনায়। সকলো লোকৰে মংগল হোৱাকৈ নগা শান্তি চুক্তিত দ্বিমত থকা অন্যান্য গোট সমূহকো শান্তি ৰক্ষাৰ স্বাৰ্থত আলোচনাত বহিবলৈ আহ্বান জনাইছে জেএলএফে।

জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত ৰাজনৈতিক পৰিস্থিতিৰ মোকামিলা কৰি শান্তি বৰ্তাই ৰখাত জেএলএফে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলিও জানিবলৈ দিছে। ইফালে, নগা ৰাজনৈতিক গোট আৰু ভাৰত চৰকাৰৰ মাজত হোৱা আলোচনাকো স্বাগতম জনাইছে জইন্ট লেজিছলেটৰ্ছ ফ'ৰামে। নগালেণ্ডৰ লগতে চুবুৰীয়া ৰাজ্য সমূহকো পৰস্পৰৰ সহযোগিতাৰে শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টিত মনোনিবেশ কৰিবলৈ জেএলএফে আহ্বান জনাইছে।