উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আছে জাপানৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্কঃ জাপানৰ ৰাষ্ট্ৰদূত কেনজী হিৰামটছু

উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আছে জাপানৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্কঃ জাপানৰ ৰাষ্ট্ৰদূত কেনজী হিৰামটছু

author-image
asomiyapratidin
New Update
উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আছে জাপানৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্কঃ জাপানৰ ৰাষ্ট্ৰদূত কেনজী হিৰামটছু

ডিজিটেল সংবাদ, ৱাখাঃ ১৯৪২চনৰ দ্বিতীয় বিশ্বযুদ্ধত কহিমা যুদ্ধই আছিল আটাইতকৈ ভয়ংকৰ আৰু কঠিন যুদ্ধ। কিয়নো এই যুদ্ধই সিদ্ধান্ত লোৱাৰ দিশে আগুৱাই নিছিল। বৃহস্পতিবাৰে কহিমা+ যুদ্ধৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে কহিমাৰ জটছমা মিউজিক এণ্ড পাৰ্ফমিং কেন্দ্ৰত অনুষ্ঠিত 'কহিমাঃ দ্বিতীয় বিশ্বযুদ্ধৰ এক বৰ্ণিল স্মাৰক' অনুষ্ঠানত অংশগ্ৰহণ কৰি জাপানৰ ৰাষ্ট্ৰদূত কেনজী হিৰামটছুৱে কৰে এই মন্তব্য।

উল্লেখ্য যে, বৃহস্পতিবাৰে লগতে তেওঁ কয়- যুদ্ধৰ পৰৱৰ্তী সময়ত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে জাপানৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে। দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলা দেখি জাপানে ভৱিষ্যতে কোনো যুদ্ধ নকৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আনহাতে দ্বিতীয় বিশ্বযুদ্ধত যিবোৰ দেশে এখনে আনখনৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেওঁলোকৰ সৈতে এতিয়া সম্পৰ্কৰ পৰিৱৰ্তন হ'ল। এতিয়া জাপানৰ ভাৰত, ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সু সম্পৰ্ক গঢ়ি উঠিছে।

বৃহস্পতিবাৰে হীৰক জয়ন্তী অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ', মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সেনা প্ৰতিনিধি আৰু ব্ৰিটিছ উচ্চায়ুক্ত ডেমনিক এন্থনি উপস্থিত থাকে। ইফালে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি যুদ্ধ মাৰাথান, সাহিত্য, চিনেমা ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।