/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/itanagar-vajpayee.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ আজি দেশৰ অন্যান্য ৰাজ্যৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম ইটানগৰলৈও অনা হয়। মুখ্যমন্ত্ৰী পেমা খান্দু, উপ-মুখ্যমন্ত্ৰী চাওনা মেইন, ৰাজ্যপাল বি ডি মিশ্ৰৰ লগতে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনায়৷
২ মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে অনুষ্ঠানটিত বাজপেয়ীৰ কবিতা পাঠ কৰা হয়৷ উল্লখ্য যে, 'দৰ্জী খান্দু কনভেনচন চেন্টাৰ'ত আজি নিশা ৰাইজৰ বাবে চিতাভস্ম ৰখা হ'ব আৰু শুকুৰবাৰে পৰশুৰাম কুণ্ডৰ লোহিত নদীত বিসৰ্জন কৰা হ'ব৷
ইয়াৰ পূৰ্বে বাজপেয়ীৰ চিতাভস্ম বিবেক বিহাৰত থকা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ নিয়া হয় আৰু বিজিপিৰ কৰ্ম-কৰ্তাসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
বিজেপিৰ সভাপতি টাপিৰ গাৱে আজি বিমানযোগে দিল্লীৰ পৰা বাজপেয়ীৰ চিতাভস্ম গুৱাহাটীলৈ লৈ আহে আৰু তাৰ পাছত হেলিকপ্টাৰত ইটানগৰলৈ অনা হয়৷
প্ৰিয় নেতাজনলৈ ইটানগৰলৈ আহি সহস্ৰাধিক গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অৰুণাচল প্ৰদেশ কংগ্ৰেছ পাৰ্টী, এন পি পি, পি পি এ আদি ৰাজনৈতিক দলেও বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জনায়৷