অৰুণাচলত তিনিদিনীয়াকৈ শংকৰ মহোৎসৱ উদযাপন

অৰুণাচলত তিনিদিনীয়াকৈ শংকৰ মহোৎসৱ উদযাপন

author-image
asomiyapratidin
New Update
অৰুণাচলত তিনিদিনীয়াকৈ শংকৰ মহোৎসৱ উদযাপন

ডিজিটেল সংবাদ, ইটানগৰঃ  অসমীয়া কৃষ্টি-সংস্কৃতিৰ স্বকীয় বৈশিষ্ট ইমানেই চহকী যে পৃথিবীৰ য'তেই  নাথাকক কিয়, অসমীয়াই আজিও নিজৰ সংস্কৃতিক এৰি দিয়া নাই৷ ব্যতিক্ৰম নহয় অৰুণাচল প্ৰদেশত বসবাস কৰি থকা অসমীয়া সকলো ৷ বিগত  বছৰবোৰৰ দৰে এই বছৰো অৰুণাচল প্ৰদেশত আড়ম্বৰতাৰে শ্ৰীমন্ত শংকৰদেবৰ জন্মোৎসৱ উদযাপন কৰা হয় ৷

ৰাজ্যখনৰ ম্যানমাৰ সীমান্তৰ টিৰাপ জিলাৰ পৰা চীন সীমান্তৰ টাৱাঙলৈকে থকা নামঘৰ সমূহত শংকৰদেৱৰ জন্মোৎসব উদযাপন কৰা হয় ৷

১৯৭৪ চনতে নাহৰলাগুনত স্থাপন কৰা নাহৰলাগুন কৃষ্টি কেন্দ্ৰত তিনিদিনীয়া কাৰ্যসুচীৰে শংকৰ জয়ন্তী উদযাপন কৰা হয় ৷ শংকৰদেৱৰ জীৱনৰ ওপৰত ৰচনা লিখা প্ৰতিযোগিতা, চিত্ৰাংকন, কুইজ প্ৰতিযোগিতাৰ লগতে ধৰ্মালোচনী সভা অনুষ্ঠিত হয় ৷ শনিবাৰে সামৰণি পৰা শংকৰোৎসৱৰ শেষ নিশা নাহৰলাগুনত থকা কৃষ্টি কেন্দ্ৰত তৰণিসেন বধ নামৰ অংকীয়া ভাওঁনাখন প্ৰদৰ্শন কৰা হয় ৷

প্ৰিয়ম বৰঠাকুৰৰ পৰিচালনাৰে প্ৰদৰ্শন কৰা ভাওঁনাখনত অৰুণাচলৰ অন্যান্য জনগোষ্ঠীয় লোক সকলেও উৎসাহেৰে নাটখন উপভোগ কৰে ৷ সুদুৰ যোৰহাটৰ পৰা আমন্ত্ৰন কৰি অনা ভাওনাৰ সাজ-সজ্জা আৰু ৰূপসজ্জাকাৰে নাটখন উপভোগ্য কৰি তোলে ৷

দিনৰ ভাগত হোৱা ধৰ্মালোচলী সভাত অসমৰ পৰা আমন্ত্ৰণ কৰি অনা কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, গীতাশ্বাৰ্যই অসমীয়া নব বৈষ্ণব ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুজনাৰ অৱদান আৰু দৰ্শনৰ ওপৰত মনোজ্ঞ ভাষন দিয়ে ৷ এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ বহুকেইজন নেতৃস্থানীয় লোকেও অংশগ্ৰহণ কৰে ৷