/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/cfdf23dd-7c02-470a-9fc0-fe2c53c4b35a.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ ইটানগৰত গণৰাজ্য দিবসৰ পতাকা উত্তোলনত সংঘটিৰ হয় অঘটন । ৰাজ্যপাল অবসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই ৰাস্ত্ৰীয় পতাকা উত্তোলনৰ বাবে ৰচি টানি দিওতেই খুটাৰ পৰা পতাকাখন সুলকি পৰে ৷ ইতিমধ্যেই বেণ্ডত ৰাষ্ট্ৰীয় সংগীত জনগণ মন বাজি উঠিছিল ৷ উপায়ন্তৰ ৰাজ্যপালে তলত পৰি ৰোৱা পতাকাখন আৰক্ষীৰ জোৱান এজনৰ সহায়ত তুলি ধৰে আৰু তেনেকৈ ৰাষ্ট্ৰীয় পতাকাখনলৈ চেলুট মাৰি অভিবাদন জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/cfdf23dd-7c02-470a-9fc0-fe2c53c4b35a.jpg)
ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত আজি গণৰাজ্য দিৱসৰ কাৰ্যসুচীত মুখ্য অতিথি হিচাপে ৰাজ্যপাল মিশ্ৰই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহিছিল ৷ কিন্তু পাতাকা উত্তোলনৰ সময়তে খোদ ৰাজ্যপালে উত্তোলন কৰিব লগা পতাকাখন খহি পৰাত বিব্ৰত হৈ পৰে ৰাজ্যপালজন ৷ সেই সময়ত ৰাজ্যপালৰ কাষতে থিয় দি আছিল অৰুণাচল প্ৰদেশৰ ডি জি পি এছ বি কে সিং ৷ মঞ্চত উপস্থিত আছিল মুখ্যমন্ত্ৰী পেমা খান্দু আৰু আন মন্ত্ৰী-বিধায়কসকল ৷
গণতন্ত্ৰ দিবসৰ পতাকা উত্তোলনৰ সময়তে হোৱা এই এঘটনাৰ বাবে চৰম লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি হয় মুখ্যমন্ত্ৰী পেমা খান্দুও ৷ লগে লগে পেমা খান্দুৱে সমগ্ৰ ঘটনাটোৰ এক তদন্তৰ নিৰ্দেশ দিছে ৷ কেইবা হেজাৰো দৰ্শক তথা গন্যমান্য নাগৰিকৰ সন্মুখতে চালামী দিয়াৰ সময়ত হোৱা ঘটনাটোত যথেষ্ট বিব্ৰত হৈ পৰা ৰাজ্যপালগৰাকী দৃষ্টিকটুভাবে অবনমিত পতাকাতে চেলুট মাৰে ৷ অৱশ্যে ৰাষ্ট্ৰীয় সংগীত শেষ হোৱাৰ লগে লগে খুটা উঠাই পুনৰ পতাকা উত্তোলন কৰা হয় ৷ ৰাষ্ট্ৰীয় পতাকা নোহোৱা খুটাটো সুশোভিত কৰিলে ত্ৰিৰংগাৰ তিনি ৰঙী বেলুনেহে ৷ পৰবৰ্তী সময়ত কোনো বিঘিনি নঘটাকৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচী সমাপ্ত হয় ৷