ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত… VIDEO

ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত… VIDEO

author-image
asomiyapratidin
New Update
ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত… VIDEO

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত বানৰ লগতে ভূমিস্খলনৰ ফলত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বুধবাৰে অৰুণাচলপ্ৰদেশতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় ভূমিস্খলনৰ ফলত। বুধবাৰে পুৱা প্ৰায় ৯ বজাত অৰুণাচলপ্ৰদেশ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সমীপত হয় ভূমিস্খলন। এই ভূমিস্খলনৰ ফলত কাইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়।

ইফালে, ইটানগৰৰ আৰক্ষী অধীক্ষক টি এম'ই জনায় যে, ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু আই টি বি পিক ফোনযোগে ভূমিস্খলনৰ বিষয়ে অৱগত কৰা হৈছে। আনহাতে, ভূমিস্খলনৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত হয়। উদ্ধাৰকাৰী দলে দুয়োজন লোকক উদ্ধাৰ কৰি ৰাম কৃষ্ণ মিছন হাস্পতালত ভৰ্তি কৰে। জানিব পৰা মতে, আহত দুজন ক্ৰমে তাৰিণ মাছু আৰু বিৰি তাথ। অৱশ্যে ভূমিস্খলনত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে, ভূমিস্খলন হোৱা স্থানত উপস্থিত হৈৰাজ্যিক গৃহ মন্ত্ৰী এছ এইচ বামাংগে পৰিস্থিতি সন্দৰ্ভত বুজ লয়। ইফালে, ৫খন জেচিবিলৈ এছ ডি আৰ এফ, এন ডি আৰ এফ, আই টি ব, চি আৰ পি এফ, আৰক্ষীয়ে যৌথভাৱে চলাই আছেউদ্ধাৰ অভিযান। আৰু পথত পুনৰ যান-বাহন চলাচলৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।