ইটানগৰৰ বানত উটি যোৱা ৩জনৰ আজিও নাই সন্ধান, উদ্ধাৰ অভিযান অব্যাহত

ইটানগৰৰ বানত উটি যোৱা ৩জনৰ আজিও নাই সন্ধান, উদ্ধাৰ অভিযান অব্যাহত

author-image
asomiyapratidin
New Update
ইটানগৰৰ বানত উটি যোৱা ৩জনৰ আজিও নাই সন্ধান, উদ্ধাৰ অভিযান অব্যাহত

ডিজিটেল সংবাদ, ইটানগৰঃ ইটানগৰৰ আকস্মিক বানত কালি সন্ধানহীন হোৱা ছয়জন ব্যক্তিৰ তিনিজনৰ মৃতদেই উদ্ধাৰ হয় যদিও আন তিনিজনৰ সন্ধান অদ্যপি অব্যাহত আছে৷ পাপ্পু নাল্লা নামৰ সৰু জুৰি এটাত হঠাতে হোৱা বানত মুঠ ১৭টা বাসগৃহ পানীত উটি গৈছিল। পানীৰ ঢলে উটুৱাই নিয়া ঘৰ কেইটাৰ ভিতৰত আছিল ৬জনকৈ লোক।

একেটা পৰিয়ালৰ দুটি শিশু-কিশোৰ আৰু এগৰাকী মহিলা উটি গৈছিল আৰু তাৰে এটি শিশুৰ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ হৈছিল৷ ৩৫ বছৰীয়া মহিলাগৰাকী, ১৫ বছৰীয়া যুৱতি এগৰাকী আৰু আন এজন পুৰুষৰ সন্ধান বৰ্তমানলৈ পোৱা হোৱা নাই৷ সন্ধানহীন ব্যক্তি ৩জনৰ সন্ধানত এন ডি আৰ এফে আজি পুৱাৰ পৰাই অভিযান আৰম্ভ কৰিছে৷

আৰক্ষীয়েও পৃথকে পৃথকে অভিযান আৰম্ভ কৰিছে বুলি ইটানগৰৰ আৰক্ষী অধীক্ষক এম হৰ্ষবৰ্ধনে জানিবলৈ দিছে৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ মাজনিশা ইটানগৰৰ ডাৰিয়া পাহাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণ হৈছিল আৰু পাপ্পু নাল্লাৰ লগতে চেংকি নদীত হঠাতে জলস্তৰ বৃদ্ধি পাইছিল৷

পাপ্পু নাল্লা আৰু চেংকি নদী দুখন গৈ ডিক্ৰঙত পৰিছেগৈ আৰু শুকুৰবাৰে আবেলি নদীত উটি যোৱা এজন ব্যক্তিৰ মৃতদেহ নিৰজুলিৰ ওচৰৰ ডিক্ৰং নদীৰ দলঙৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ নিৰজুলিৰ পৰা অসম সীমান্তলৈ মাত্ৰ ১০ কিলোমিটাৰ৷ সেয়ে সন্ধানহীন লোক কেইজনৰ মৃতদেহ অসমলৈ উটি যাব পাৰে বুলি সন্দেহ কৰা হৈছে৷