ইটানগৰত ৭ দিনৰ লকডাউন…

ইটানগৰত ৭ দিনৰ লকডাউন…

author-image
asomiyapratidin
New Update
ইটানগৰত ৭ দিনৰ লকডাউন…

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশ চৰকাৰে ঘোষণা কৰিলে ৭ দিনৰ কেপিটেল কমপ্লেক্স যিজন লকডাউনৰ । প্ৰতিদিনেই কৰোনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অহা ১০ মে'ৰ পৰা ১৭ মে' লৈ সাত দিনৰ বাবে লকডাউনৰ ঘোষণা কৰা হৈছে। ইটানগৰ কেপিটেল যিজনৰ অন্তৰ্গত কেপিটেল কমপ্লেক্স (ইটানগৰ), নাহৰলাগুন, নিৰজুলি আৰু বান্দৰদেৱা লৈকে এই লকডাউনৰ প্ৰভাৱ পৰিব ।

Advertisment

১০ মে' ৰাতিপুৱা ৫ বজাৰপৰা ১৭ মে' সন্ধিয়া ৫ বজালৈ এই লকডাউন চলিব বুলি আইচিআৰৰ ডেপুটি কমিছনাৰ টাল' পটমে জানিবলৈ দিয়ে । লগতে তেওঁ কয় যে- কোৰোনাৰ এই ভয়াবহতাৰ সময়চোৱাত ইটানগৰতো বহুতো পজিটিভ কেচ পোৱা গ'ল আৰু প্ৰতিদিনে কৰোনা ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাত ৭ দিনৰ বাবে লকডাউনৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ ফলত কৰোনা দ্ৰুতগতিত বিয়পি পৰাত নিশ্চয় বাধা দিব পৰা হ'ব ।

ইতিমধ্যে যোৱা বৃহস্পতিবাৰে জিলা প্ৰশাসনে ইটানগৰৰ বহু কেইটা অঞ্চল কন্টেইনমেন্ট জ'ন আৰু মিনি কন্টেইনমেন্ট জ'ন হিচাপেও ঘোষণা কৰা হৈছিল । তাৰ লগতে তেওঁ ইটানগৰৰ বাসিন্দা সকলকো চৰকাৰী এছ অ' পি মানিবলৈ লগতে চৰকাৰক সহায় কৰিবলৈ অনুৰোধ কৰে ।

ৰাইজক আতংকিত নহৈ দুটা দিনত অৰ্থাৎ ৮ আৰু ৯ তাৰিখে নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিবলৈ অনুৰোধ কৰে । ৰাজ্যত খাদ্য সামগ্ৰীৰ বৰ্তমান কোনো নাটনি হোৱা নাই আৰু লকডাউনৰ সময়চোৱাত সামগ্ৰীৰ দাম বৃদ্ধি কৰা দুষ্ট চক্ৰৰ ওপৰত চকু দিবলৈকো মাৰ্কেট ৱেলফেয়াৰ ছ'চাইটিক দায়িত্ব দিয়ে ।