অসমসহ ৯ৰাজ্যৰ বাবে মহাকাশলৈ ইছৰোৰ বিশেষ ছেটেলাইট

অসমসহ ৯ৰাজ্যৰ বাবে মহাকাশলৈ ইছৰোৰ বিশেষ ছেটেলাইট

author-image
asomiyapratidin
New Update
অসমসহ ৯ৰাজ্যৰ বাবে মহাকাশলৈ ইছৰোৰ বিশেষ ছেটেলাইট

ডিজিটেল ডেস্কঃ উত্তৰ-পূব ভাৰত আৰু জম্মু-কাশ্মীৰৰ বাবে বিশেষ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে। এই উপগ্ৰহটোৱে ৰাজ্যকেইখনৰ যোগাযোগ ব্যৱস্থা অধিক ক্ষিপ্ৰতৰ কৰি তুলিব বুলি আশা কৰা হৈছে।

Advertisment

ইছৰোৰ সূত্ৰই জনোৱা মতে, অহা ১৪ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰা জিছেট-২৯ উপগ্ৰহ উৎক্ষেপণ কৰা হ'ব। উন্নত মানৰ এই উপগ্ৰহত আছে ২টাকৈ Ku ও Ka কার্যকৰী পেলোড। ডিজিটেল ভাৰত প্ৰকল্পৰ অধীনত এই পেলোডে অসমসহ সমগ্ৰ উত্তৰ-পূব আৰু কাশ্মীৰত যোগাযোগৰ ক্ষেত্ৰত বৰ্তমান দেখা দিয়া সমস্যা দূৰ কৰিব।

হাইস্পীড বেণ্ডউইথ প্ৰত্যন্ত অঞ্চলসমূহত ডিজিটেল সংযোগো এই উপগ্ৰহ প্ৰেৰণৰ ফলত অধিক উন্নত মানৰ হৈ পৰিব বুলিও সদৰী কৰিছে ইছৰো সূত্ৰই। মহাকাশ গৱেষণা সংস্থাটোৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুযায়ী জিছেট-২৯ক মহাকাশলৈ লৈ যাব GSLV-MkIII ৰকেটে।

জিছেট-২৯-এ নতুন মহাকাশ প্ৰযুক্তি পৰীক্ষাৰ মঞ্চ হিচাপেও কাম কৰিব। উপগ্ৰহটোত আছে কিউ অ' ভি বেণ্ড, অপটিকেল যোগাযোগ ব্যৱস্থা আৰু হাই ৰিজলিউশ্যন কেমেৰা। অনাগত দিনত মহাকাশ অভিযানৰ বিষয়ে চিন্তা কৰিয়েই এই তিনিটা নতুন প্ৰযুক্তি ইছৰোৱে প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিব।