/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/maxresdefault.jpg)
প্ৰতীকি ফটো
প্ৰতিদিন সংবাদ, ইটানগৰঃ বৃহস্পতিবাৰে পুৱা ১০.২৩ বজাত আপাৰ চিয়াং জিলাৰ চীন সীমান্তৰ টুটিঙৰ পৰা উৰা মৰা ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ দীৰ্ঘসময় ধৰি নিৰুদ্দেশ হৈ থকা কথাই ৰহস্যৰ সৃষ্টি কৰে বায়ু সেনা বাহিনীত৷ বায়ু সেনাই হেলিকপ্টাৰখনৰ নিৰুদ্দেশ সন্দৰ্ভত আপাৰ চিয়াং জিলাৰ উপায়ুক্তক বিয়লি প্ৰায় ৩ বজাত ফোন কৰি অৱগত কৰিছিল৷
উল্লেখ্য যে হেলিকপ্টাৰখন নিয়মীয়া উৰণৰ বাবে অসমৰ যোৰহাটৰ পৰা টুটিঙলৈ গৈছিল৷ তাৰ পৰা নাছোলৈ যোৱাৰ কথা আছিল হেলিকপ্টাৰখন৷ কিন্তু শেহতীয়াকৈ জানিব পৰা মতে, বায়ু সেনাৰ এম আই-১৭ ভি-৫ হেলিকপ্টাৰখনৰ সন্ধান পোৱা গ'ল টুটিঙৰে সমীপৰ জাৰজিং নামৰ গাওঁখনত৷
হেলিকপ্টাৰখনত থকা ১৬জন সেনাৰ জোৱান আৰু বৈমানিকক অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়ে যে, হেলিকপ্টাৰখনত হোৱা যান্ত্ৰিক বিজুতিৰ বাবেই এনেদৰে বিপদসংকুলভাবে হঠাতে অবতৰণ কৰিব লগা হৈছিল।
চীন সীমান্তৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ নিলগৰ টুটিঙত এনেদৰে বায়ু সেনাৰ এম আই-১৭ ভি-৫ৰ দৰে শক্তিশালী আৰু উন্নত প্ৰযুক্তিৰ হেলিকপ্টাৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে ঘটনা সন্দৰ্ভত সবিস্তাৰে এতিয়াও জানিব পৰা হোৱা নাই ৷