/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/28b56a9b-9c15-4b40-a46b-bc7aedc14560.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ ভাৰতীয় সেনা আৰু চীনা সেনাই একেলগে উদযাপন কৰিছে দীপাৱলী৷ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চীন সীমান্ত চকী বুমলাত আজি দুয়োখন দেশৰ সেনাই প্ৰথমবাৰৰ বাবে একেলগে দীপাৱলী উদযাপন কৰে৷
সীমান্ত চকীত ভাৰতীয় সেনাৰ দলটোক নেতৃত্ব দিয়ে কৰ্ণেল প্ৰসেনজিৎ কৰে আৰু চীনা সেনাৰ দলটোক নেতৃত্ব দিয়ে কৰ্ণেল য়াং জি মিঙে ৷ দুয়োদেশৰ সেনাই বুমলাত দীপাৱলীৰ চাকি জ্বলাই আৰু মিঠাইৰ আদান প্ৰদান কৰে৷
দুয়োদেশৰ সেনা বিষয়াসকল এখন সভাতো মিলিত হয়৷ এই সভাত দুয়ো দেশৰ সেনাই সীমান্ত অঞ্চলত শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাত সহমত পোষণ কৰে যাতে কূটনৈতিক ভাবে শীৰ্ষ পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্ক উন্নয়নৰ পৰিবেশ গঠনত সহায়ক হয় ৷