মণিপুৰৰ কামজং জিলাত সেনালৈ লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ…

মণিপুৰৰ কামজং জিলাত সেনালৈ লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ…

author-image
asomiyapratidin
New Update
মণিপুৰৰ কামজং জিলাত সেনালৈ লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ…

ডিজিটেল সংবাদ, ৱাখাঃ সন্দেহজনক মণিপুৰী বিদ্ৰোহী সংগঠন পি এল এ-য়ে কামজং জিলাত সেনালৈ লক্ষ্য কৰি মঙলবাৰে পুৱা ৯ বজাত আই ই ডি বিস্ফোৰণ সংঘটিত কৰা হয়। প্ৰাপ্ত খবৰ মতে, সেনা দলটোৱে কামজং জিলাত ছৰ গাঁৱত নিয়মীয়া তহল দিয়াৰ সময়তে সংঘটিত কৰা হয় এই বিস্ফোৰণ।

পিপলছ লিবাৰেচন আৰ্মী চমুকৈ পি এল এ আই-য়ে সেনা দলটোৱে তহল দি থকা সময়তে সংঘটিত কৰে আই ই ডি বিস্ফোৰণ। অৱশ্যে এই বিস্ফোৰণত সেনাৰ কোনো লোক হতাহত হোৱা নাই । ইফালে, এই ঘটনাৰ পাছতে অঞ্চলটোত ব্যাপক অভিযান আৰম্ভ কৰা হৈছে।