অৰুণাচলত বিমান দুৰ্ঘটনাত নিহতসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

অৰুণাচলত বিমান দুৰ্ঘটনাত নিহতসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা

author-image
asomiyapratidin
New Update
অৰুণাচলত সন্ধানহীন হোৱা বিমানৰ ব্লেক বক্স আৰু নিহত ১৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল ডেস্কঃ অৰুণাচলত এএন-৩২ বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা ৮ ক্ৰু মেম্বাৰ আৰু ৫ গৰাকী যাত্ৰীৰ নাম প্ৰকাশ কৰিছে ভাৰতীয় বায়ু সেনাই। অৰুণাচলৰ দক্ষিণ চিয়াং জিলাৰ দুৰ্গম অৰণ্যত পতিত হোৱা বিমানখন সন্ধানহীন হোৱাৰ ৯ দিনৰ পিছত ধ্বংসাৱশেষৰ সন্ধান পোৱা গৈছিল। ইয়াৰ পিছতে সামৰিক বাহিনী, নৌ সেনা আৰু পৰ্বতাৰোহীৰ সহযোগত বায়ু সেনাই অঞ্চলটোলৈ গৈ ধ্বংসাৱশেষ উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাই এই দুৰ্ঘটনাত ক্ৰু মেম্বাৰসহ ১৩ গৰাকী লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে। দুৰ্ঘটনাত মৃত্যু ঘটা লোকসকল হৈছে- জিএম চাৰ্লছ, এইছ বিনোদ, আৰ থাপা, এ তনৱাৰ, এছ মহান্তি, এমকে গাৰ্গ, কেকে মিশ্ৰ, অনুপ কুমাৰ, চেৰিণ, এছকে সিং, পংকজ, পুতালি আৰু ৰাজেশ কুমাৰ।

ভাৰতীয় বায়ু সেনাই বৃহস্পতিবাৰে নিহত সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে, যোৱা ৩ জুনত অৰুণাচলত সন্ধানহীন হৈছিল এএন-৩২ বিমানখন। বেয়া বতৰৰ বাবে সন্মুখৰ পাহাৰত খুন্দা খাই বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ কৰিছে বায়ু সেনাই।