/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/meghalaya-blast_11zon.jpg)
ডিজিটেল ডেস্কঃ মঙ্গলবাৰে দিনৰ প্ৰায় ডেৰ বজাত এক বিস্ফোৰণ সংঘটিত হয় মেঘালয়ৰ ৰাজধানী শ্বিলঙত। জানিব পৰা মতে শ্বিলঙৰ লাইটুমখ্ৰা বজাৰত বিস্ফোৰিত হৈছে আই ই ডি। এই আই ই ডি বিস্ফোৰণৰ ফলত এগৰাকী মহিলা আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
তথ্য অনুসৰি মঙ্গলবাৰৰ দিনৰ ১ঃ৩০ বজাত লাইটুমখ্ৰা বজাৰত বিস্ফোৰণ সংঘটিত হয়। যাৰ ফলত পথৰ কাষত দোকান দিয়া এগৰাকী মহিলা আহত হয়। ইয়াৰোপৰি বিস্ফোৰণস্থলীৰ কাষত থকা বহু কইটা ঘৰৰ খিৰীকিৰ আইনা ভাঙি যায়।
বিস্ফোৰণৰ পাছতেই আহত মহিলাগৰাকীক নাজাৰেথ হস্পিতাললৈ লৈ যোৱা হৈছে। ইয়াৰ পাছত মেঘালয় আৰক্ষী আৰু উচ্চ পদস্থ বিষয়াই বিস্ফোৰণস্থলীত উপস্থিত হয় আৰু তদন্ত অব্যাহত ৰাখিছে। এতিয়ালেকে এই বিস্ফোৰণৰ লগত কোন জড়িত আছে সেই তথ্য লাভ কৰা হোৱা নাই।