New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/arunachal-oghoton.3.jpg)
- ইটানগৰত গণৰাজ্য দিবসৰ পতাকা উত্তোলনত সংঘটিত হ'ল অঘটন।
- ৰাজ্যপাল অবসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই ৰাস্ত্ৰীয় পতাকা উত্তোলনৰ বাবে ৰচি টানোতেই খুটাৰ পৰা সুলকি পৰে পতাকাখন৷
- সেই সময়ত বেণ্ডত ৰাষ্ট্ৰীয় সংগীত জনগণ মন বাজি উঠিছিল৷
- আৰক্ষীৰ জোৱান এজনে তুলি ধৰিছিল তলত পৰি ৰোৱা পতাকাখন।
- তেনেকৈ ৰাষ্ট্ৰীয় পতাকাখনলৈ চেলুট মাৰি অভিবাদন জনাইছিল ৰাজ্যপালে।
- চাওক কেনেদৰে খহি পৰিছিল জাতীয় পতাকাখন-
- ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত অনুষ্ঠিত হৈছিল গণৰাজ্য দিৱসৰ এই কাৰ্যসুচী।
- অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ৰাজ্যপাল অবসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰ।
- পতাকা উত্তোলনৰ সময়ত ৰাজ্যপালৰ কাষতে থিয় হৈ আছিল অৰুণাচল প্ৰদেশৰ ডি জি পি এছ বি কে সিং৷
- মঞ্চত উপস্থিত আছিল মুখ্যমন্ত্ৰী পেমা খান্দু আৰু আন মন্ত্ৰী-বিধায়কসকল৷
- গণতন্ত্ৰ দিবসৰ পতাকা উত্তোলনৰ সময়তে হোৱা এই ঘটনাৰ বাবে পেমা খান্দুৱে এক তদন্তৰ নিৰ্দেশ দিছে৷
- চাওক তাৰ পৰৱৰ্তী দৃশ্য-