মেঘালয়ৰ মুখ্যমন্ত্ৰীক CAAক লৈ চিন্তিত নহ’বলৈ কৈছোঃ গৃহ মন্ত্ৰী অমিত শ্বাহ…VIDEO

মেঘালয়ৰ মুখ্যমন্ত্ৰীক CAAক লৈ চিন্তিত নহ’বলৈ কৈছোঃ গৃহ মন্ত্ৰী অমিত শ্বাহ…VIDEO

author-image
asomiyapratidin
New Update
মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ফাইল ফটো

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক লৈউত্তৰ-পূৰ্বাঞ্চলত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। বিশেষকৈ অসমত নাগৰিকত্বসংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তথা হিংসাত্মক ঘটনা সংঘটিত হৈছিল। পৰিস্থিতিনিয়ন্ত্ৰণহীন হৈ পৰাৰ পাছতেই অসমৰ বিভিন্ন প্ৰান্তত সান্ধ্য আইনো জাৰি কৰা হৈছে।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰথমবাৰলৈ এই আইনক কিছু সংশোধন কৰাৰ এক ইংগিত দিলে।ধনবাদত এক ৰেলী সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, 'নাগৰিকত্ব সংশোধনী আইনক লৈ উত্তৰ-পূববাসীৰ মনত কিছু সন্দেহ আছে। আৰু এই আইনৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে মোক সাক্ষাৎ কৰিছে। মই তেওঁ খ্ৰীষ্টমাছৰ পাছত নিশ্চিতভাৱে সমাধান উলিওৱা হ'ব বুলি জনাইছো। লগতে এই আইনক লৈ চিন্তিত নহ'বলৈ কৈছো।'


— ANI (@ANI) December 15, 2019

আনহাতে, অসম গণ পৰিষদেও এই আইনৰ বিৰোধিতা কৰিছে। অগপৰ জ্যেষ্ঠনেতাসকলে এক বৈঠকত বহাৰ পাছত এই আইনৰ বিৰোধিতা কৰাৰ কথা ঘোষণা কৰে। লগতে অগপই সদৰীকৰে যে, তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিলকৰিব।