মেঘাচন্ন হৈ থাকিব গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ, বৃদ্ধি পাব শীতৰ প্ৰকোপ

মেঘাচন্ন হৈ থাকিব গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ, বৃদ্ধি পাব শীতৰ প্ৰকোপ

author-image
asomiyapratidin
New Update
মেঘাচন্ন হৈ থাকিব গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ, বৃদ্ধি পাব শীতৰ প্ৰকোপ

ডিজিটেল ডেস্কঃ আগন্তুক দুই-তিনিদিন ধৰি মেঘাচন্ন হৈ থাকিব গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ। বাঢ়িব শীতৰ প্ৰকোপ। মেঘাচন্ন হৈ থাকিলেও অৱশ্যে বৰষুণ অহাৰ সম্ভৱনা কম। তথাপিও দুই এঠাইত হ'ব পাৰে পাতলীয়া বৰষুণ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা।

বতৰ বিজ্ঞান কেন্দ্ৰটোৱে লগতে জনায় যে, আকাশ মেঘাচন্ন হৈ থকাৰ ফলত শীতৰ প্ৰকোপ সামান্য বেছি হলেও কোনো অস্বাভাৱিকতা নাই। কেন্দ্ৰটোৱে জানিবলৈ দিছে যে, দক্ষিণ ভাৰতত বলি থকা মৌচুমী বতাহৰ ফলতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে গুৱাহাটীৰ আকাশো মেঘাচন্ন হৈ থাকিব।