গ্ৰীণউডত বিবাহ অনুষ্ঠানত উপস্থিত থকা লকডাউন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ…

গ্ৰীণউডত বিবাহ অনুষ্ঠানত উপস্থিত থকা লকডাউন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
গ্ৰীণউডত বিবাহ অনুষ্ঠানত উপস্থিত থকা লকডাউন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ…

ফাইল ফটো

ডিজিটেল ডেস্কঃ কোৰোনা সংক্ৰমণ আৰু লকডাউনৰ মাজতে খানাপাৰাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত এক বিবাহ অনুষ্ঠানত চৰকাৰী নীতি-নিয়ম আৰু প্ৰট'ক'ল উলংঘা কৰি উপস্থিত থকা সকলৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

দৰাচলতে, যোৱা ২৭ জুন, ২০২০ত লকডাউনৰ মাজতে খানাপাৰাস্থিত গ্ৰীণউড ৰিজৰ্টত অনুষ্ঠিত হৈছিল এখন বিবাহ। এই বিবাহ অনুষ্ঠানত ৫খন পাছৰ বিপৰীতে ২৭জনকৈ লোক উপস্থিত আছিল। আৰু ইয়াৰে ২জন লোকৰ দেহত পাছলৈ কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে।

লকডাউনৰ নীতি-নিয়ম উলংঘা কৰা এই বিবাহ অনুষ্ঠানত উপস্থিত থকা সকলৰ বিৰুদ্ধে পূব খাচী হিলছৰ উপায়ুক্তক মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। শুকুৰবাৰে টুইটাৰযোগে এই কথা সদৰী কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।