ৰাজ্যপাল আৰ এন ৰবিৰ আশ্বাস- ‘নাগালেণ্ডৰ পৰা কৰ্তন কৰা নহয় বিশেষাধিকাৰ…’

ৰাজ্যপাল আৰ এন ৰবিৰ আশ্বাস- ‘নাগালেণ্ডৰ পৰা কৰ্তন কৰা নহয় বিশেষাধিকাৰ…’

author-image
asomiyapratidin
New Update
ৰাজ্যপাল আৰ এন ৰবিৰ আশ্বাস- ‘নাগালেণ্ডৰ পৰা কৰ্তন কৰা নহয় বিশেষাধিকাৰ…’

ডিজিটেল সংবাদ, ৱাখাঃ নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সম্প্ৰতি জম্মু আৰু কাশ্মীৰ পৰা সংবিধানৰ ৩৭০ নং ধাৰা প্ৰত্যাহাৰ কৰি বিশেষাধিকাৰ কৰ্তন কৰাৰ পিছত নাগালেণ্ডৰ ক্ষেত্ৰতো অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত নগালেণ্ডবাসী শংকিত হোৱা কোনো কাৰণ নাই বুলি আশ্বাস প্ৰদান কৰিছে ৰাজ্যপাল আৰ এন ৰবিয়ে।

ৰাজ্যখনৰ নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে কয়- 'নাগালেণ্ডৰ পৰা সংবিধানৰ ৩৭১ (ক) অনুচ্ছেদ প্ৰত্যাহাৰ আৰু বিশেষাধিকাৰ কৰ্তন কৰা নহয়। কাৰণ এই অনুচ্ছেদটোৱে নাগালেণ্ডৰ প্ৰতি ভাৰতীয় সংবিধানৰ একমাত্ৰ প্ৰতিবদ্ধতা । তেওঁ লগতে কয়- 'মই আপোনালোকক স্পষ্টকৈ আশ্বাস দিওঁ যে, সংবিধানৰ ৩৭১ (ক) অনুচ্ছেদক প্ৰত্যাহাৰ কৰিব বুলি শংকিত নহ'ব । কাৰণ চৰকাৰে বৰ্তমান অতি দায়বদ্ধতাৰে চলি থকা নগা ৰাজনৈতিক প্ৰক্ৰিয়াটোক অতি সোনকালে সন্মানজনকভাৱে অন্ত পেলাব।'

উল্লেখযোগ্য যে, ৰাজ্যপাল আৰ এন ৰবিয়ে যোৱা মংগলবাৰে নতুন দিল্লীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক সাক্ষাৎ কৰে । ইয়াৰ পিছত এই আশ্বাসৰ কথা সদৰী কৰে । ইফালে, প্ৰবলভাৱে শংকিত হৈ থকা নাগালেণ্ডবাসীক ৰাজ্যপাল আৰ এন ৰবিয়ে সংবিধানৰ ৩৭০ অনুচ্ছেদ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ নকৰে বুলি দিয়া আশ্বাসক আদৰণি জনাইছে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৱে।

এক প্ৰেছবাৰ্তা ৰিঅ'ৱে কয়- যিকোনো পৰিস্থিতি আৰু পৰিৱেশত নগাসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে নাগালেণ্ড চৰকাৰ সদায় থিয় দিব। তেওঁ অৱশ্যে সকলো নগাক এক কণ্ঠ হৈ একত্ৰিত হৈ থাকিবলৈ আহবান জনায়।