ফেঁকুৰি ফেঁকুৰি কান্দিছিল ৯ বছৰীয়া এলংগৱামেঃ ভিডিঅ’ দেখি ‘গ্ৰীণ এম্বেছেদৰ’ বনালে মুখ্যমন্ত্ৰীয়ে, VIDEO

ফেঁকুৰি ফেঁকুৰি কান্দিছিল ৯ বছৰীয়া এলংগৱামেঃ ভিডিঅ’ দেখি ‘গ্ৰীণ এম্বেছেদৰ’ বনালে মুখ্যমন্ত্ৰীয়ে, VIDEO

author-image
asomiyapratidin
New Update
ফেঁকুৰি ফেঁকুৰি কান্দিছিল ৯ বছৰীয়া এলংগৱামেঃ ভিডিঅ’ দেখি ‘গ্ৰীণ এম্বেছেদৰ’ বনালে মুখ্যমন্ত্ৰীয়ে, VIDEO

ডিজিটেল ডেস্কঃ মণিপুৰৰ এটি ৯ বছৰীয়া শিশুৰ এটা কান্দি থকাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে শিশুটিক ৰাজ্য চৰকাৰৰ 'গ্ৰীণ মণিপুৰ মিছন'ৰ এম্বেছদৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে। দৰাচলতে এলংগৱাম ভেলেন্টিনা নামৰ কন্যা শিশুটিৱে ভিডিঅ'টোত পথ নিৰ্মাণৰ বাবে গছ কটাৰ বাবেই কান্দি আছিল।

জানিব পৰা মতে, কন্যা শিশুটিৱে চাৰি বছৰ পূৰ্বে তাইৰ ঘৰৰ সন্মুখৰ পথৰ দাঁতিত দুটা গছ পুলি ৰোপন কৰিছিল। য'ত তাই নিতৌ পানী দিছিল, চোৱা-চিতা কৰিছিল। এতিয়া সেই পুলি দুটাই গছৰ ৰূপ ধাৰণ কৰিছিল। শেহতীয়াকৈ পথ বহল কৰাৰ বাবে এই গছ দুডাল কাটি পেলোৱা হয়। যি সময়ত গছ দুডাল কটা হয় সেই সময়ত বিদ্যালয়লৈ গৈছিল পঞ্চম শ্ৰেণীত অধ্যয়নৰত এলংগৱাম ভেলেন্টিনা। তাই যেতিয়া বিদ্যালয়ৰ পৰা উভতি কটা গছ দুডাল প্ৰত্যক্ষ কৰে, তেতিয়া তাই আৰু চকুপানী ৰখাব নোৱাৰিলে। ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰে কণমানি শিশুটিয়ে।

ইফালে শিশুটিৰ এই কান্দি থকাৰ দৃশ্য কোনোৱে ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াই প্ৰচাৰ কৰে। এই ভিডিঅ'টো লাহে লাহে ভাইৰেল হৈ পৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ হাততো। তাৰ পিছতে শিশুটিৰ প্ৰকৃতিপ্ৰেম দেখি এলংগৱাম ভেলেন্টিনাক 'গ্ৰীণ মণিপুৰ মিছন'ৰ এম্বেছদৰ হিচাপে ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

'এই শিশুটিৰ পৰা আমি সকলোৱে শিকিব লগা বহু আছে। ইমান কম বয়সতে তাই প্ৰকৃতিপ্ৰেম দেখি মই আচৰিত হৈছো। সেইবাবেই তাইক 'গ্ৰীণ মণিপুৰ মিছন'ৰ এম্বেছদৰ হিচাপে নিযুক্তি দিছো। সকলোৱে এই কণমানি শিশুটিক অনুসৰণ কৰক আৰু এখন সেউজ ধৰা সৃষ্টিত সহায়ক হওক।'- এলংগৱাম ভেলেন্টিনাৰ প্ৰশংসা কৰি এই দৰে কয় মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। ইফালে শিশুটিক ৰাজ্য চৰকাৰে প্ৰদান কৰা সন্মানৰ বাবে আনন্দ প্ৰকাশ কৰিছে শিশুটিৰ পিতৃ এলংগৱাম প্ৰেমকুমাৰ আৰু মাতৃ এলংগৱাম শায়াইও।