/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/dd1e8d68-7bff-4f1e-a0e1-e2c28c5930fd.jpg)
ডিজিটেল সংবাদ, কৃষ্ণাইঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত সঘনাই সন্ত্ৰাস সৃষ্টি কৰি অহা গাৰো উগ্ৰপন্থী জিএনএলএ-ৰ এগৰাকী কেডাৰ সোমবাৰে উত্তৰ গাৰো পাহাৰ জিলাৰ ৰেচুত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ আত্ম সমৰ্পণ কৰা জিএনএলএ-ৰ কেডাৰজনৰ নাম ৰঞ্জিত জি মোমিন৷
জানিব পৰা মতে, কেডাৰ ৰঞ্জিত জি মোমিনে ২০১৭ চনত জিএনএলএ-ৰ কামাণ্ডেন্ট ৰাহুল মাৰাকৰ সৈতে লগ হৈ সংগঠনৰ কাম কাজ চলাই গৈছিল৷ যাৰ ফলত মেঘালয় আৰক্ষীয়ে আত্মসমৰ্পণকাৰী কেডাৰজনক ৱান্টেড ঘোষণা কৰি অভিযান চলাইছিল৷
উল্লেখ্য যে, ২০১৮ চনৰ মাৰ্চত ৮ গৰাকী জিএনএলৰ সৈতে কামাণ্ডেন্ট ৰাহুল মাৰাকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল৷ সম্প্ৰতি জিএনএলএ-ৰ বিৰুদ্ধে মেঘালয় আৰক্ষীয়ে জেহাদ ঘোষণা কৰিছে৷