Advertisment

অশান্ত মণিপুৰত দুৰ্বৃত্তৰ গুলী, বোমাৰে আক্ৰমণঃ ভয়াবহ এনকাউণ্টাৰ...

অশান্ত মণিপুৰত পুনৰ সংঘটিত হৈছে গুলীচালনা আৰু বোমা নিক্ষেপৰ ঘটনা। এই ঘটনাত দুজনকৈ লোক আহত হৈছে। আহত দুজনৰ ভিতৰত এজন ভিলেজ ভলণ্টিয়াৰ আৰু এজন আৰক্ষী কৰ্মী।

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰত দুৰ্বৃত্তৰ গুলী, বোমাৰে আক্ৰমণঃ ভয়াৱহ এনকাউণ্টাৰ...

ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰত পুনৰ সংঘটিত হৈছে গুলীচালনা আৰু বোমা নিক্ষেপৰ ঘটনা। এই ঘটনাত দুজনকৈ লোক আহত হৈছে। আহত দুজনৰ ভিতৰত এজন ভিলেজ ভলণ্টিয়াৰ আৰু এজন আৰক্ষী কৰ্মী।

Advertisment

শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাক গৰিহণা দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। তেওঁ এই ঘটনাৰ বিৰুদ্ধে কেন্দ্ৰীয় সুৰক্ষা বাহিনী আৰু ৰাজ্যিক আৰক্ষীক সঠিক সমন্বয়ৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

জানিব পৰা মতে ইম্ফল পূব জিলাৰ ছানছাবি আৰু থামনাপকপি গাঁৱত অস্ত্ৰধাৰী দুৰ্বৃত্তই পাহাৰৰ পৰা গুলী আৰু বোমাৰে আক্ৰমণ কৰে। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কোৱা মতে ঘটনা সংঘটিত হোৱাৰ পাছতে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আৰু দুয়ো পক্ষৰ মাজত ভয়াৱহ এনকাউণ্টাৰ সংঘটিত হয়। 

ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই ঘটনাক কুকি উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত কৰা কাপুৰুষোচিত আৰু অপ্ৰৰোচিত আক্ৰমণ আখ্যা দিছে। তেওঁ এই আক্ৰমণক মণিপুৰৰ শান্তি আৰু সম্প্ৰীতিৰ ওপৰত হোৱা আক্ৰমণ বুলি উল্লেখ কৰিছে। 

নিজৰ এক্স হেণ্ডেলত তেওঁ লিখা অনুসৰি এই ঘটনা সংঘটিত হোৱা অঞ্চললৈ পৰ্যাপ্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হৈছে। আহতক প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। লগতে তেওঁ সকলোকে শান্তি আৰু ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছে।

তাৰোপৰি তেওঁ এনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সুৰক্ষা বাহিনী আৰু ৰাজ্যৰ আৰক্ষীৰ মাজত সঠিক সমন্বয়ো আৰু বুজাবুজি থাকিব লাগে বুলিও কয়। উল্লেখ্য যে, ঘটনাত আহত আৰক্ষী কৰ্মীগৰাকী ৩৭ বৰ্ষীয় কে হৰিদাস বুলি চিনাক্ত কৰা হৈছে।

তেওঁৰ বাওঁ কান্ধত গুলী লাগিছে। শুকুৰবাৰে বিয়লি ৩-৩০ বজাত তেওঁক জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ লৈ যোৱা হৈছে। চিকিৎসকে উল্লেখ কৰা মতে হৰিদাসৰ গুলী উলিয়াবলৈ এটা অস্ত্ৰোপচাৰ কৰা হ’ব।

আহত আনগৰাকী লোক এগৰাকী ভিলেজ ভলণ্টিয়াৰ। অৱশ্যে তেওঁৰ আঘাত বৰ বেছি গুৰুতৰ নহয়। এখন ব্যক্তিগত হাস্পতালত তেওঁ চিকিৎসাধীন হৈছে। ইতিমধ্যে চিকিৎসকে তেওঁক বিপদমুক্ত বুলি ঘোষণা কৰিছে। উল্লেখ্য যে, পাহাৰৰ ওপৰৰ পৰা হোৱা এই আক্ৰমণত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীসকলক ভিলেজ ভলণ্টিয়াৰ সকলে সহযোগিতা কৰিছিল। 

মণিপুৰ এন বীৰেন সিং