/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/6227df48-05c3-4d90-a588-028f0a83358c.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়া বানে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে। উজনি অসমৰ বান পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে। মাজুলীৰ বুঢ়াশেনছোৱাত পানীত পৰি এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ নাম বিজয় দাস। নুমলীগড়তো বান পৰিস্থিতি এনে পৰ্যায় পাইছে যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধুৰ যান-বাহনৰ চলাচল প্ৰশাসনে বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্ততে ৰাষ্ট্ৰীয় ঘাইপথটোৰ উটুৱাই নিয়াৰ সম্ভাৱনাই দেখা দিছে। তেনে পৰিস্থিতিত নুমলীগড়ৰ সৰুদলঙেদি সকলোধৰণৰ যান-বাহনৰ চলাচল বন্ধ কৰিছে দিছে প্ৰশাসনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/flood-assam-u-576x1024.jpg)
গোলাঘাটতো এতিয়া বানে মহা প্ৰলয়ৰ সৃষ্টি কৰিছে। জলবন্দী হৈ পৰিছে জিলাখনৰ কেবা সহস্ৰাধিক লোক। তাৰ মাজতে, বানাক্ৰান্তই আশ্ৰয় আৰু খাদ্য সামগ্ৰী নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। বানাক্ৰান্তই আশ্ৰয় লৈ থকা স্থানসমূহ কৃষি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই পৰিদৰ্শন কৰি শীঘ্ৰেই বান সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিছে।
ইফালে লখিমপুৰতো ৰঙা নদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি পাইছে। বৰষুণৰ বাবে নীপকোৱে ৫নং গেট খুলি দিয়াত লখিমপুৰ জিলাত প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। বানত নুমলীগড়ৰ পাৰঘাটত এজন লোকৰ মৃত্যু হোৱাৰো খবৰ আহিছে। মৃত লোকজনৰ নাম খুৰু গোৱালা। নাৰায়ণপুৰতো গণকদলনি পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। কেবাশতাধিক পৰিয়ালৰ ঘৰ-বাৰী বুৰ গৈ আছে এই বানত। লালুকত গাভৰু, পাভ আৰু পইতা নদীৰ বাঢ়নীয়ে ২০খনৰো অধিক গাঁও প্লাৱিত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/WhatsApp-Image-2018-08-02-at-12.41.04-PM.jpeg)
ধেমাজিৰ বৰদলনিত বানে উটুৱাই নিলে কৃষকক
ধেমাজিৰ চকুলো জীয়াঢল-কুমতীয়া নদীত গৰু লৈ পাৰ হ'বলৈ চেষ্টা কৰা এজন কৃষকক বাঢ়নী পানীয়ে উটুৱাই নিয়া ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । জানিব পৰা মতে ধেমাজি বৰদলনি অঞ্চলৰ মৰলচুঁক গাৱৰ কৃষক মুনীন্দ্ৰ হাজৰিকাই (৪০) গৰু লৈ নদী পাৰ হ'বলৈ চেষ্টা কৰোতে নদীৰ সোঁতত পৰি যায় । তেওঁৰ সন্ধানত এছ ডি আৰ এফে চাৰি ঘণ্টাজুৰি অভিযান চলায় যদিও কোনো ধৰনৰ সন্ধান নোপোৱাত ধেমাজি প্ৰশাসনে উদ্ধাৰ অভিযান স্হগিত ৰাখি কাইলৈ লখিমপুৰ জিলাৰ ডুবাৰু প্ৰশিক্ষকৰ দ্বাৰা মৃতদেহৰ সন্ধানত অভিযান চলাব ।