/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/84339fcf-ab0d-491e-bf36-a79984c26065.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ ল'ৱাৰ সোৱণশিৰি জিলাৰ টালো নামৰ ঠাইখনত যোৱা নিশা সংঘটিত হোৱা এক ভায়াবহ অগ্নিকাণ্ডত টালো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা কোঠাত লগা জুই বিয়পি পৰি বিদ্যালয়খন সম্পূৰ্ণৰূপে জুইত জাহ যায়।
যোৱা নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত বিদ্যালয়খনৰ শ্ৰেণিকোঠা, পুথিভৰাল, প্ৰশাসনীয় ভৱন, সভাগৃহকে ধৰি সকলো ঘৰ জাহ যোৱাৰ লগতে বিদ্যালয়খনৰ চকী-টেবুল, ডেস্ক-বেঞ্চ পুৰি চাই হৈ পৰে। অগ্নিকাণ্ডত বিদ্যালয়খনৰ সকলো নথি পত্ৰও নষ্ট হয়।
জিৰোৰ পৰা ২২ কিলোমিটাৰ নিলগৰ টালো উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অৰুণাচল প্ৰদেশৰে এখন অন্যতম পুৰণি শিক্ষানুষ্ঠান। বিদ্যালয়খনত হোৱা এই অগ্নিকাণ্ডৰ খবৰ পাই স্থানীয় বিধায়ক তথা সেই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ লিখা ছায়াই আজি পুৱা বিদ্যালয়খনত উপস্থিত হৈ তাত্ক্ষণিকভাবে বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে দহ লাখটকাৰ সাহায্য আগবঢ়াইছে।
পৰবৰ্তী সময়ত আন ৫০ লাখ টকা স্থায়ী গৃহ নিৰ্মাণৰ বাবে আগবঢ়াব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূৰ্বেই এঘন্টাৰ ভিতৰতে গোটেই বিদ্যালয়খন জুইত জাহ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us