সামৰিক অভিযানেৰে বিদ্ৰোহীৰ সন্ধানত ম্যানমাৰৰ নগা ৰাইজক নিৰ্যাতন নচলাবলৈ ভাৰতীয় আৰু বাৰ্মিজ সেনাক আহ্বান ইষ্টাৰ্ণ কন্যাক ইউনিয়নৰ

সামৰিক অভিযানেৰে বিদ্ৰোহীৰ সন্ধানত ম্যানমাৰৰ নগা ৰাইজক নিৰ্যাতন নচলাবলৈ ভাৰতীয় আৰু বাৰ্মিজ সেনাক আহ্বান ইষ্টাৰ্ণ কন্যাক ইউনিয়নৰ

author-image
asomiyapratidin
New Update
সামৰিক অভিযানেৰে বিদ্ৰোহীৰ সন্ধানত ম্যানমাৰৰ নগা ৰাইজক নিৰ্যাতন নচলাবলৈ ভাৰতীয় আৰু বাৰ্মিজ সেনাক আহ্বান ইষ্টাৰ্ণ কন্যাক ইউনিয়নৰ

ডিজিটেল সংবাদ, ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙৰ আং য়ুঙ গোটৰ কেডাৰৰ সন্ধানত ভাৰতীয় আৰু বাৰ্মিজ সেনাই সামৰিক অভিযান নামত ম্যানমাৰৰ নগাসকলৰ ওপৰত চলাই থকা হাৰাশাস্তি আৰু নিৰ্যাতন শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে ইষ্টাৰ্ণ কন্যাক ইউনিয়নে। শুকুৰবাৰে ইষ্টাৰ্ণ কন্যাক ইউনিয়নৰ সভাপতি এছ খটাই আৰু সম্পাদক কে হংৱাঙে এক বিবৃতিৰ জৰিয়তে এই বুলি অভিযোগ কৰে যে ইণ্ডো ম্যানমাৰ সীমান্ত থকা ম্যানমাৰৰ ছেন হয়াট থ্ৰইলু আৰু নয়ানচিং নগা গাঁও কেইখনত বিগত এমাহ ধৰি চাৰিওফালে ঘেৰিলৈ এন এছ চি এনৰ সন্ধানত গাঁওবাসীক পনবন্দী কৰি সেনাই নিৰ্যাতন চলাই আহিছে। ভাৰতীয় আৰু ম্যানমাৰ সেনাই ঝুমখেতি, ভঁৰাল ঘৰ আৰু কাষৰীয়া ঘৰত বিদ্ৰোহী শিবিৰ থকা বুলি সান্ধ্য আইন জাৰি কৰি সামৰিক অভিযান চলাই গাঁওবাসীক ভীতিগ্ৰস্ত কৰি আহিছে।

পনবন্দী গাঁওবাসীয়ে যিকোনো মুহুৰ্তত বিদ্ৰোহী আৰু সেনাৰ সংঘৰ্ষ আশংকাত দিন কটাবলগা হৈছে। ইষ্টাৰ্ণ কন্যাক ইউনিয়নে সামৰিক অভিযান স্থগিত ৰাখি নিৰ্যাতন বন্ধ কৰিবলৈ আহবান জনাইছে। ইষ্টাৰ্ণ কন্যাক ইউনিয়নে এই বুলি কৈছে যে, যিসময়ত সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা সময়ত অন্য দেশৰ সামৰিক বাহিনীয়ে মানুহৰ জীৱন বচাবলৈ মানৱসেৱাত ব্যস্ত হৈ পৰিছে তেনেসময়ত ভাৰতীয় আৰু ম্যানমাৰ সেনাই বিদ্ৰোহী সন্ধানৰ নামত ইষ্টাৰ্ণ নগাসকলৰ ওপৰত নিৰ্যাতন চলোৱা কাৰ্য মুঠেই গ্ৰহণযোগ্য নহয়।

ইষ্টাৰ্ণ কন্যাক ইউনিয়নে স্পষ্ট কৰি দিয়ে যে, ইষ্টাৰ্ণ নগাসকলে শান্তি, শিক্ষা, বাট-পথ আৰু উন্নয়ন বিচাৰে যুদ্ধ নহয়। তেওঁলোকে সেনা আৰু এন এছ চি এনক যুদ্ধ পৰিহাৰ কৰি যুদ্ধ বিৰত চুক্তি নিয়ম মানিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, ভাৰতীয় আৰু ম্যানমাৰ সেনাই বিগত এমাহ ধৰি ভাৰত ম্যানমাৰ সীমান্তত থকা গাঁওসমূহত যৌথ সামৰিক অভিযান চলাই আছে।