/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/5c5c15c3-e332-43cb-b3e0-76ad878ecc18-1.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ লকডাউনৰ মাজতে মণিপুৰৰ এন বীৰেন সিং নেতৃত্বতাধীন বিজেপি চৰকাৰে হঠকাৰী সিদ্ধান্তৰ বাবে ইষ্ট ইম্ফল বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে শুকুৰবাৰে বনাঞ্চল বসবাস কৰা লাঙগল গাঁৱৰ তিনিটা পৰিয়ালক এক্সাভেটৰে উচ্ছেদ কৰিবলৈ গৈ গাঁওবাসী সৈতে প্ৰত্যক্ষ সংঘাত লিপ্ত হয় । ফলত মণিপুৰৰ আৰক্ষীয়ে উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ শূনলৈ গুলী চালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/f3b86526-b927-49ea-9f2b-ed1966df8627.jpg)
প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে পুৱা ইষ্ট ইম্ফল জিলাৰ হেইংগাং বিধানসভা সমষ্টিৰ বনাঞ্চলত ডি এফ অ আৰ কে অমৰজিত , জিলা দণ্ডাধিশ আৰু অতিৰিক্ত অধীক্ষকৰ নেতৃত্ব এটি বৃহৎ দল গাঁওখন উচ্ছেদ কৰিবলৈ যায় । কিন্তু এই খবৰ পাই লাঙগল গাঁৱৰ বৃহৎ সংখ্যক জনতাই উচ্ছেদ প্ৰতিবাদী জনাবলৈ ওলাই আহি মাছেং আৰু নামলংগেই সংযোগী পথ অৱৰোধ প্ৰশাসন দলটোক উচ্ছেদত বাধা প্ৰদান কৰে । ফলত দুয়োপক্ষৰ মাজত প্ৰত্যক্ষ হতাহতি হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/f0fd7e60-790b-4729-856c-26687264351f.jpg)
ইয়াৰ পিছত উত্তেজিত জনতাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে । এই আক্ৰমণত এজন আৰক্ষী গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে শেষ উপায়ন্ত হৈ প্ৰতিবাদ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ ৰবাৰ বুলেট আৰু শূনলৈ গুলী চালনা কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/f93cc29f-9e45-40a2-a032-6eeb66422efb.jpg)
অৱশ্যে এই গুলী চালনাত গাঁওবাসী হতাহত কোনো সম্পৰ্কে জানিব পৰা হোৱা নাই । সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, ইষ্ট ইম্ফল মধ্য বন সংমণ্ডলৰ এলেকাত সম্প্ৰতি ১৩৪৫ টা পৰিয়ালে বসবাস কৰি আছে।