তৃণমূল কংগ্ৰেছ এৰিলে ক্ষুব্ধ দ্বীপেন পাঠকে

তৃণমূল কংগ্ৰেছ এৰিলে ক্ষুব্ধ দ্বীপেন পাঠকে

author-image
asomiyapratidin
New Update
তৃণমূল কংগ্ৰেছ এৰিলে ক্ষুব্ধ দ্বীপেন পাঠকে

ডিজিটেল ডেস্কঃ তৃণমূল কংগ্ৰেছৰ মূৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চি বিৰোধী স্থিতি গ্ৰহণ কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে দলটোৰ অসমৰ নেতা-কৰ্মীসকল। অসম বিৰোধী এনে স্থিতিৰ বাবে শীৰ্ষ নেতৃত্বৰ সৈতে মতানৈক্যই দেখা দিছে দলটোৰ অসম ৰাজ্যিক কমিটিৰ ভিতৰচৰাত।

এনে অসন্তুষ্টিৰ বৰ্হি প্ৰকাশ ঘটাই দলটোৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক দ্বীপেন পাঠকে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত নিজেই দলটোৰ পৰা পদত্যাগৰ কথা সদৰী কৰে তৃণমূল কংগ্ৰেছৰ নেতাজনে। সংবাদ মাধ্যমৰ আগত পাঠকে কয় যে অসম আৰু অসমীয়া বিৰোধী দল এটাত থকাতো তেওঁৰ পক্ষে কোনোপধ্যে সম্ভৱ নহয়।

উল্লেখ্য যে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তীব্ৰ প্ৰৰোচনামূলক মন্তব্যৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি কৰিছিল। ইমানতে ক্ষান্ত নাথাকি তৃণমূল নেত্ৰীগৰাকীয়ে নিজ দলৰ সাতজনীয়া এটি প্ৰতিনিধি দলকো অসম ভ্ৰমণৰ বাবে প্ৰেৰণ কৰে।