/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4eb8ebbb-9ec1-4b06-becf-b39f0394ebee/drugs.jpg)
ডিজিটেল সংবাদ, শিলচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। এজন চুমো চালকে দিয়া তথ্যৰ ভিত্তিত বুধবাৰে নিশা চিলং আৰক্ষীয়ে চিলঙৰ কোনো এক গোপন স্থানৰ পৰা জব্দ কৰে ড্ৰাগছ ভৰ্তি এটা বেগ।
বেগটোৰ পৰা বুজন পৰিমাণৰ চাইক'ট্ৰ'পিক ড্ৰাগছ (PSYCHOTROPIC DRUGS) অৰ্থাৎ মনোৰোগ সৃষ্টিকাৰী ঔষধ জব্দ কৰা হয়। জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে।
ইফালে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এক টুইটযোগে ২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাত সহায় কৰা বাবে সাহসী চুমো চালকজনক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁক পুৰস্কৃত কৰা হ'ব বুলিও জনায়।