অতি ব্যস্ত শ্বিলং চহৰত আজৱ কাণ্ড! কুকুৰে চলাই মাৰুতি কাৰঃ চাওক VIDEO

অতি ব্যস্ত শ্বিলং চহৰত আজৱ কাণ্ড! কুকুৰে চলাই মাৰুতি কাৰঃ চাওক VIDEO

author-image
asomiyapratidin
New Update
অতি ব্যস্ত শ্বিলং চহৰত আজৱ কাণ্ড! কুকুৰে চলাই মাৰুতি কাৰঃ চাওক VIDEO

ডিজিটেল সংবাদ, শ্বিলংঃ চাৰ্কাছ নহয়, শ্বিলঙৰ ব্যস্ত ৰাজপথ। এই ব্যস্ত ৰাজপথৰ এটা বিশেষ দৃশ্যই সকলোকে হতবাক কৰি তুলিছে। দৃশ্য দেখি আৰক্ষীও অবাক। এয়া কেনেকৈ সম্ভৱ!

অসম্ভৱ হ'লেও এয়াই সম্ভৱ কৰি তুলিছে মেঘালয়ত পঞ্জীয়নভূক্ত এখন মাৰুতি ৮০০ৰ গৰাকীয়ে। গাড়ীখনৰ গৰাকীৰ গাড়ী চলাই চলাই আমনি লাগি গৈছে। হ'ল বুলিনো আৰু কিমান গাড়ী চলাব? স্বয়ংক্ৰিয় গাড়ীও আহি ভাৰতৰ বজাৰ পোৱাহি নাই। চালক ৰাখি অতিৰিক্ত ধন খৰছ কৰিবলৈ মন নাই তেওঁৰ।

সেয়ে মৰমৰ কুকুৰটোকে গাড়ী চালনাৰ বিশেষ শিক্ষা দিছে লোকজনে। প্ৰভূভক্ত কুকুৰটোৱে লগে লগে সেয়া আয়ত্বও কৰি লৈছে। আয়ত্ব কৰাই নহয়, গাড়ী চলাই কাষৰ ছীটত মালিকক বহুৱাই শুকুৰবাৰে পুলিচ বজাৰৰ ব্যস্ত ৰাজপথলৈ ফুৰিবলৈকো ওলাই আহিছে।

কুকুৰটোৱে আগ ঠেং দুখনৰে মাৰুতি ৮০০খনৰ ষ্টিয়াৰিঙত বিশেষ ষ্টাইলেৰে ধৰি লৈ এপাকত বাহিৰলৈ মূৰ উলিয়াই আন গাড়ীবোৰৰ আলেখ-লেখ চাই ড্ৰাইভ কৰি গৈছে। দৃশ্য দেখি পিছে পিছে যোৱা এখন গাড়ীত বহি থকা এগৰাকী মহিলাই মোবাইলত সেয়া আৱদ্ধ কৰিছে।

ভিডিঅ'টো ছ'চিয়েল মিডিয়াত এৰি দিয়াৰ লগে লগে সেয়া ভাইৰেল হৈ পৰে। ভৰি পৰে নেটিজেনসকলৰ ভিন্ন মন্তব্যৰে। কোনোৱে যদি কৈছে এয়া সম্ভৱ নহয়, আন কোনোৱে আকৌ কমেণ্ট কৰিছে, 'এইখন এখন গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়া গাড়ী। কুকুৰটোক কোনো কাৰণত ট্ৰেইনিং দি থকা হৈছে। গাড়ীখনৰ আনটো ফালেহে ক্লাছ-এচিলেটৰ-ব্ৰেক সকলো আছে। কুকুৰটো থকা ফালে নাই।'

'শান্ত হোৱা… শান্ত হোৱা… কুকুৰক ষ্টিয়াৰিং ধৰিবলৈ প্ৰশিক্ষণহে দিব পাৰি। কিন্তু কুকুৰে গাড়ী চলাব নোৱাৰে।'-আন এজন নেটিজেনৰ মন্তব্য। কোনোৱে আকৌ শ্বিলংবাসীয়ে এতিয়াই ২০৩০ চনত ভৰি দিয়া বুলিও মন্তব্য কৰিছে।

এনেদৰে একাধিক ৰসাল মন্তব্যই এই বিশেষ ভিডিঅ'টোৰ তলত স্থান লাভ কৰিছে। অৱশ্যে প্ৰকৃত সত্য কি সেই সম্পৰ্কে কোনো জ্ঞাত নহয়। ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ লগে লগে তৎপৰ হৈ পৰে শ্বিলং আৰক্ষী। গাড়ীখনৰ পঞ্জীয়ন নম্বৰৰ আঁত ধৰি গৰাকীৰ ঘৰত উপস্থিত হৈ যান-বাহন আইন অনুযায়ী ১০০০ টকাৰ জৰিমনাও বিহে।

লোকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰি সেই সম্পৰ্কে ব্যক্তিগত গোপনীয়তা ভংগ কৰাৰ অধিকাৰ নাই বুলি সবিশেষ জনোৱাৰ পৰা বিৰত আছে শ্বিলং আৰক্ষী। আৰক্ষীয়েও সবিশেষ নজনোৱাত নেটিজেনসকল বাৰুকৈয়ে সমস্যাত পৰিছে যে প্ৰকৃততে কুকুৰে গাড়ী চলোৱাতো সত্য নে অসত্য।

উৎসাহী দুই এজনে ছাৰ্চ কৰিছে গুগলত। নিৰাশ নকৰি গুগলে কৈছে যে কুকুৰেও গাড়ী চলাব পাৰে। কিন্তু সৰু আকাৰৰ নহয়, ডাঙৰৰ আকাৰৰ কুকুৰেহে গাড়ী চলাব পাৰে। ইমানেই নহয়, নিউজীলেণ্ডত কুকুৰক গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়া ড্ৰাইভিং স্কুল আছে বুলিও ক'ব খোজে গুগলে।

ইয়াৰে আলম লৈ একাংশ নেটিজেনৰ মন্তব্য, 'যদিহে কোনো সুৰাপায়ী চালকে বেহুচ হৈ গাড়ী চলাব পৰা নাই, তেন্তে এতিয়াৰে পৰা তেওঁলোকে একোটাকৈ ড্ৰাইভাৰ কুকুৰ লৈ ফুৰিবলৈ কওক।' এনেকৈয়ে এতিয়া শ্বিলঙত কুকুৰে মাৰুতি ৮০০ চলোৱা ভিডিঅ'ই নেটিজেনসকলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ আলোড়নৰ। শ্বিলঙৰ সীমা অতিক্ৰমি সেই আলোড়ন বিয়পি পৰিছে সমগ্ৰ দেশতে।