ডিমাপুৰত লকডাউনত অসহায় বিহাৰৰ অটো চালকঃ নিজৰ অটো ৰিক্সাৰে বিহাৰলৈ যাত্ৰা ৩০টা পৰিয়ালৰ…

ডিমাপুৰত লকডাউনত অসহায় বিহাৰৰ অটো চালকঃ নিজৰ অটো ৰিক্সাৰে বিহাৰলৈ যাত্ৰা ৩০টা পৰিয়ালৰ…

author-image
asomiyapratidin
New Update
ডিমাপুৰত লকডাউনত অসহায় বিহাৰৰ অটো চালকঃ নিজৰ অটো ৰিক্সাৰে বিহাৰলৈ যাত্ৰা ৩০টা পৰিয়ালৰ…

ডিজিটেল সংবাদ, ৱাখাঃ কোভিড মহামাৰীৰ বাবে দেশজুৰি চলি থকা ৫০ দিনীয়া লকডাউনৰ ফলত নাগালেণ্ডৰ ডিমাপুৰত অটো ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা বিহাৰৰ ত্ৰিশটা পৰিয়াললৈ নামি আহিছে গভীৰ সংকট । উপাৰ্জনৰ সকলো উৎস বন্ধ হৈ পৰাৰ ফলত অৱশেষত পৰিয়ালৰ সকলো লাম -লাকুট বিক্ৰী কৰি ডিমাপুৰ ত্যাগ কৰি গৃহ ৰাজ্য বিহাৰলৈ যাবলৈ বাধ্য হৈ পৰিছে ত্ৰিশটা অটো চালকৰ পৰিয়াল ।

যোৱা শনিবাৰে দুপৰীয়া ডিমাপুৰ গেটৰ পৰা এই ত্ৰিশ অটো চালকে নিজৰ নিজৰ অটো ৰিক্সাৰে সন্তান আৰু পৰিয়ালক লৈ নিজৰ ৰাজ্য বিহাৰৰ অভিমুখে যাত্ৰা কৰে । ডিমাপুৰ অটো চালক ইউনিয়নৰ সভাপতি টিট য়েপথমিয়ে জানিবলৈ দিয়া মতে বিহাৰৰ এই ত্ৰিশজন লোকে ডিমাপুৰত দীৰ্ঘদিন ধৰি অটো ৰিক্সা চলাই পৰিয়াল পোহপাল দিছিল ; কিন্তু ৫০ দিন ধৰি চলি থকা লকডাউনৰ ফলত তেওঁলোকৰ জীৱিকাৰ পথ বন্ধ হৈ পৰাত উপায়ন্ত হৈ আজি ডিমাপুৰ ত্যাগ কৰে ।

সোমবাৰে ডিমাপুৰ জিলা প্ৰশাসনৰ পৰা যাতায়তৰ অনুমতি লাভ কৰাৰ পিছত ডিমাপুৰ অটো চালক ইউনিয়নে নিউলেণ্ড গেটত পতাকা জোকাৰি বিদায় দিয়ে এই বিহাৰৰ অ'ট চালকসকলক । তেওঁলোকক ডিমাপুৰ অটো চালক ইউনিয়নৰ তৰফৰ পৰা পাঁচশ টকাকৈ সহায় আগবঢ়ায় । জানিব পৰামতে চাৰিদিন চাৰি ৰাতি যাত্ৰাৰ অন্তত এই পৰিয়াল কেইটি বিহাৰ পাবগৈ ।