/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/shooting-techniques-ss.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ, ৱাখাঃ শুকুৰবাৰে সন্ধিয়া ডিমাপুৰৰ বাৰ্মা কেম্পত অঞ্চলত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ এগৰাকী মেজৰক তেওঁৰ বাসগৃত অচিনাক্ত দুৰ্বত্তই গুলীয়াই হত্যা কৰে । সম্প্ৰতি এই ঘটনাকলৈ ডিমাপুৰত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
জানিব পৰামতে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত মেজৰ টভিছিৰ ঘৰত মুখত মুখা লগোৱা দুজন সোমাই পৰিয়ালৰ লোকৰ সন্মুখতে এন এছ চি এনৰ মেজৰজনক গুলীয়াই পলায়ন কৰে । ইয়াৰ পিছতে পৰিয়ালৰ লোকে মেজৰ টভিছি ততাতৈয়াকৈ ডিমাপুৰ জীয়ন হাস্পতালত ভৰ্তি কৰাইছিল চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।