ডিমাপুৰৰ হেব্ৰ’নৰ মুখ্য কাৰ্যালয়ত নগা বিদ্ৰোহী সংগঠনৰ ৭৩ সংখ্যক নগা স্বাধীনতা দিৱস উদযাপন…

ডিমাপুৰৰ হেব্ৰ’নৰ মুখ্য কাৰ্যালয়ত নগা বিদ্ৰোহী সংগঠনৰ ৭৩ সংখ্যক নগা স্বাধীনতা দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
ডিমাপুৰৰ হেব্ৰ’নৰ মুখ্য কাৰ্যালয়ত নগা বিদ্ৰোহী সংগঠনৰ ৭৩ সংখ্যক নগা স্বাধীনতা দিৱস উদযাপন…

ডিজিটেল সংবাদ, ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)-য়ে বুধবাৰে ডিমাপুৰৰ হেব্ৰ'নস্থ পৰিষদৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰে ৭৩ সংখ্যক নগা স্বাধীনতা দিৱস। এই উপলক্ষে বুধবাৰে পুৱা নাগালিমৰ পতাকা উত্তোলন কৰে এন এছ চি এন (আই এম)ৰ সভাপতি তথা গভাৰ্মেন্ট অৱ পিপলছ ৰিপাবলিক নাগালিম চৰকাৰৰ ৰাষ্ট্ৰপতি কিউ টুচ্ছুৱে ।

অৱসৰপ্ৰাপ্ত কেপ্তেইন কুইলেন ৰেগুটৰ সঞ্চালনাত অনুষ্ঠিত হয় স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী । ইয়াৰ পিছতে নগা জাতীয় বীৰ শ্বহীদসকলৰ স্মৃতিত মৌন প্ৰাৰ্থনা কৰা হয়। আজিৰ ৭৩ সংখ্যক নগা স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে এন এছ চি এন (আই এম)ৰ সভাপতি কিউ টুচ্ছুৱে। তেওঁ ঐতিহাসিক নগা জাতিৰ সংগ্ৰামত নগাসকলৰ আত্মত্যাগক সোঁৱৰণ কৰে।

ইয়াৰ পিছত নাগা ঐতিহাসিক সংগ্ৰাম আৰু ভাৰতৰ চৰকাৰৰ সৈতে সম্পাদিত নগা শান্তি চুক্তিৰ অগ্ৰগতিৰ সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়াই এন এছ চি এন (আই এম)ৰ ষ্ট্ৰেয়িং সমিতিৰ সমন্বয়ক তথা নগা পিপলছ ৰিপাবলিক চৰকাৰৰ গৃহমন্ত্ৰী আৰ এইচ ৰাইজিঙে । ৰাইজিঙে নগা শান্তি চুক্তি অৱলোকন কৰি কয় যে- নগা সমস্যাৰ সমাধান ভাৰত চৰকাৰ আৰু এন এছ চি এন (আই এম)-য়ে পাৰস্পৰিক সন্মান আৰু বুজাপৰাৰে সমাধান কৰিব।

তেওঁ লগতে কয় যে- 'আজিৰ পৰা ২৪ বছৰৰ পূৰ্বে ১২জুন, ১৯৯৫ চনত ফ্ৰান্সৰ ৰাজধানী পেৰিছত সম্পাদন হোৱা ভাৰতৰ চৰকাৰে হোৱা পেৰিছ চুক্তি আৰু ১৯৯৭ চনৰ বেংকৰ যুদ্ধৰ বিৰতিৰ পিছতে নগাসকলে দীৰ্ঘদিনীয়া নগা ৰাজনৈতিক সমস্যা সমাধানৰ বাবে আজি আহি চূড়ান্ত চুক্তিৰ দিশত উপনিত হৈছে।' ৰাইজিঙে কয়- আমি নগা সমস্যাৰ স্থায়ী সন্মানজনক সমাধান বিচাৰিছো, য'ত নগাসকলৰ অধিকাৰ আৰু ভাৰতৰ সুৰক্ষা একেলগে সুনিশ্চিত হয়। কিন্তু নগাসকলৰ সমস্যা সমাধানৰ নামত বিভিন্ন সময়ত নগাসকলক ইচ্ছাৰ বিৰুদ্ধে জোৰ কৰি বিভাজিত কৰা হৈছে। আমি ভাৰত চৰকাৰৰ সৈতে ২০১৫ চনৰ ৩ আগষ্টৰ ফ্ৰেমৰ্ৱক এগ্ৰিমেণ্টৰ জৰিয়তে নগা সমস্যাৰ চূড়ান্ত সমাধান স্পৰ্শ কৰিব বিছাৰিছো । আমি আশা আৰু বিশ্বাস কৰো নগা সমস্যাৰ সমাধানৰ বল এতিয়া ভাৰত চৰকাৰৰ ক'ৰ্টত।

উল্লেখযোগ্য যে, বুধবাৰৰ নগা স্বাধীনতা দিৱসত নগা হোহো, নগা মাদাৰ এছ'চিয়েচন, নগা ষ্টুডেণ্ট ফেডাৰেচন, ম্যানমাৰ ফৰণ্টেল অৰ্গেনাইজেচন, মণিপুৰৰ ইউনাইডেট নাগা কাউন্সিল, ই এন পি অ, অসমৰ ৰেংমা হোহো অৰুণাচল প্ৰদেশ নগা সংগঠনৰ প্ৰতিনিধি আৰু নগা জনসাধাৰণৰ উপস্থিত থাকে।

ইফালে নগা ষ্টুডেণ্ট ফেডাৰেচন প্ৰতিখন জিলাতে নগা স্বাধীনতা দিৱসৰ উপলক্ষে এন এছ চি এন আই এমৰ নাগালিমৰ পতাকা উত্তোলন কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছত নাগালেণ্ডে চৰকাৰে বিষয়টো নিৰীক্ষণ তথা আই শৃংখলা পৰিস্থিতি উদ্ভৱ হোৱা শংকা কৰি জিলা উপায়ুক্তসকলক সতৰ্ক কৰি দিছিল গৃহমন্ত্ৰী ৱাই পাট্টনে। উল্লেখযোগ্য যে, চৰকাৰৰ কঠোৰ নিৰীক্ষণৰ মাজতে নগা ছাত্র সন্থাই বুধবাৰে ডিমাপুৰ কাৰ্যালয়ত এন এছ ছি এনৰ নাগালিমৰ পতাকা উত্তোলন কৰে। নগা ষ্টুডেণ্ট ফেডাৰেচনে নাগালিমৰ পতাকা এনেদৰে উত্তোলনৰ কৰা কাৰ্যই সম্প্ৰতি নাগালেণ্ড আৰু ভাৰত চৰকাৰক চিন্তিত কৰি তুলিছে।