এন এছ চি এন ৰিৰ্ফমেচন গোটৰ অবৈধ মেছ উৎখাত, ৭ জনক আটক…

এন এছ চি এন ৰিৰ্ফমেচন গোটৰ অবৈধ মেছ উৎখাত, ৭ জনক আটক…

author-image
asomiyapratidin
New Update
এন এছ চি এন ৰিৰ্ফমেচন গোটৰ অবৈধ মেছ উৎখাত, ৭ জনক আটক…

ডিজিটেল সংবাদ ৱাখাঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ৰিৰ্ফমেচন গোটে ভাৰত চৰকাৰৰ সৈতে থকা যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি ডিমাপুৰত অবৈধভাৱে বাহৰ পাতি থকা এটা কালি মেছ উৎখাত কৰাৰ লগতে ৭ গৰাকীৰ কেডাৰক গ্ৰেপ্তাৰ কৰিছে । আছাম ৰাইফলছে প্ৰকাশ কৰামতে এন এছ চি এন ৰিৰ্ফমেচন গোটৰ বিত্ত মন্ত্ৰী খেকাটোৰ ডিমাপুৰৰ ছিকায়ে গাঁৱত থকা বাসগৃহৰ বেৰেকৰ পৰা এই ৭ গৰাকী কেডাৰে অবৈধভাৱে যুদ্ধ বিৰতি নিয়ম উলংঘা কৰি বাহৰ পাতি কাৰ্যকলাপ চলাই থকা বুলি গোপন খবৰ লাভ কৰে সুৰক্ষা বাহিনীয়ে।

Advertisment

ইয়াৰ পাছতে সুৰক্ষা বাহিনীয়ে পুৱতি নিশা ২ বজাত অভিযান চলাই সদস্য কেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘৰটো সম্পূৰ্ণ ছীল কৰি দিয়ে। অৱশ্যে সুৰক্ষা বাহিনীয়ে পিছত এন এছ চি এনৰ সদস্য কেইজনক মুকলি কৰি দিয়ে । ইফালে এন এছ চি এনে ৰিৰ্ফমেচন গোটে কৈছে যে সেনা বাহিনীয়ে যুদ্ধ বিৰতি চুক্তি নিয়ম উলংঘা কৰি সংগঠনটোৰ শীৰ্ষনেতা খেকাটোৰ বাহগৃহত এনেদৰে তালাচী চলোৱা উচিত হোৱা নাই।

কিয়নো যদি কোনো অবৈধ কাৰ্যকলাপ সংঘটিত হৈছে তেনেহলে চিজ ফায়াৰ মণিটৰিঙ সমিতিক অৱগত কৰিব লাগে । ৰিৰ্ফমেচন গোটে সুৰক্ষা বাহিনীক যুদ্ধ বিৰতি নিয়ম অনুসৰি অনুশাসন মানি চলিবলৈ আহবান জনায়। তদুপৰি এন এছ চি এৰ প্ৰতিগৰাকী শীৰ্ষনেতাৰ সৈতে নিৰাপত্তা দিয়াৰ বাবে কিছু কেডাৰ থকাটো কেতিয়াও অবৈধ হ'ব নোৱাৰে বুলি দাবী কৰিছে।