ডিমাপুৰত অনা নগা শ্ৰমিকক বৰ্বৰতাৰে অত্যাচাৰ চলোৱা ৪ নগা যুৱকক জে’ললৈ নিক্ষেপ

ডিমাপুৰত অনা নগা শ্ৰমিকক বৰ্বৰতাৰে অত্যাচাৰ চলোৱা ৪ নগা যুৱকক জে’ললৈ নিক্ষেপ

author-image
asomiyapratidin
New Update
ডিমাপুৰত অনা নগা শ্ৰমিকক বৰ্বৰতাৰে অত্যাচাৰ চলোৱা ৪ নগা যুৱকক জে’ললৈ নিক্ষেপ

ডিজিটেল সংবাদ, ৱাখাঃ কোৰোনা মহামাৰীৰ আতংকৰ মাজতে নাগালেণ্ডৰ ডিমাপুৰৰ বিডিমা গাঁৱত বসবাস কৰা কেইবাটাও অনা নগা শ্ৰমিক পৰিয়ালক বৰ্বৰ অত্যাচাৰ চলাই সেই ভিডিঅ' ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি সম্প্ৰতি চাৰিগৰাকী নগা যুৱক ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে। জানিব পৰা মতে যোৱা শুকুৰবাৰে বিডিমা গাঁৱৰ চাৰিজন স্বেচ্ছাসেৱকে একাংশ অনা নগা শ্ৰমিকক ঘৰত গৈ অকথ্য শাৰীৰিক নিৰ্যাতন চলাই সেই দৃশ্য মবাইলত ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰে।

সম্প্ৰতি এনে অমানৱীয় ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাত ডিমাপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আনহাতে গাঁওবাসীয়ে এনে ঘটনা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ফলত বৃহস্পতিবাৰে পুৱা ডিমাপুৰ আৰক্ষীয়ে অভিযান চলাই এই ঘৃণনীয় ঘটনাৰ সৈতে জড়িত বিডিমা গাঁৱৰ ভালেন ছটে, মেডভি কিছ, থেজাছক ছিৰি আৰু ভেলাখটাও ভিজ নামৰ কালপ্ৰিটক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।