/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/e095efc7-314f-4b3d-be33-474e16f95054.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ সাত দশকজোৰা ইণ্ডো-নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ চূড়ান্ত চুক্তি স্বাক্ষৰত এন এছ চি এন আই এমৰ বাবে অহেতুক বিলম্ব হোৱা বুলি নগা শান্তি আলোচনাৰ ভাৰত চৰকাৰৰ মধ্যস্ততাকাৰী তথা ৰাজ্যপাল আৰ এন ৰবিয়ে কৰাৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথা বিতৰ্কিত মন্তব্যই সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । যোৱা শুকুৰবাৰে ' নাগালেণ্ড পষ্ট'ক দিয়া এক সাক্ষাৎকাৰ আৰ এন ৰবিয়ে এই বুলি কৈছিল যে, ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত চুক্তি স্বাক্ষৰ কৰিবলৈ এন এছ চি এন মুইভা গোটে ৰাজনৈতিক কাৰণত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ নতুন নতুন ব্যাখ্যা আৰম্ভ কৰি আকোৰগোঁজ হৈ সমাধানৰ বাবে সাজু হোৱা নাই ।
যাৰ বাবে চূড়ান্ত চুক্তিৰ দুৱৰাদলিত উপনিত হৈ বিলম্ব হ'বলগা হৈছে । ৰবিয়ে কয় প্ৰথম অৱস্থাত এন এছ চি এনে বিতৰ্কিত বিষয়ত সহমত হৈছিল যদিও পৰৱৰ্তী সময়ত নতুন, নতুন ব্যাখ্যা আগবঢ়াইছে । ৰবিয়ে কয় যে মুইভা গোটৰ সৈতে বিতৰ্কিত বিষয় নিস্পত্তি হোৱাৰ পিছত পুনৰ পান নগা হোহো , নগা অধ্যুষিত অঞ্চলৰ একত্ৰিতকৰণৰ দৰে দাবী উথাপন কৰিছে । এই পান নগা হোহো গঠনে ভৱিষ্যতে নাগালেণ্ড চৰকাৰ আৰু ৰাজনীতিত প্ৰভাৱ পেলাব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/e095efc7-314f-4b3d-be33-474e16f95054.jpg)
যিটো ভাৰত চৰকাৰৰ বাবে গ্ৰহণযোগ্য নহয় । এন এছ চি এনৰ এইদাবী ভাৰত চৰকাৰে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে । আৰ এন ৰবিয়ে এই কথা স্পষ্ট কৰি দিয়ে যে ২০১৫ চনৰ ৩ আগষ্ট সম্পাদিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত নাগালিমৰ সুকীয়া পতাকা , সংবিধান আৰু অংশীদাৰীত্ব সাৰ্বভৌমত্ব আৰু পান নগা হোহো গঠনৰ কথা কোনো উল্লেখ নাছিল । চুক্তিত কেৱল নগাসকলৰ অদ্বিতীয় আৰু অতুলনীয় ইতিহাসক স্বীকৃতি প্ৰদান কৰি সমসাময়িক বাস্তৱিকতাৰ মাধ্যমৰে ৰাজনৈতিক বিষয়বোৰৰ ক্ষমতা বিনিময়ৰ জৰিয়তে সমাধান কৰা কথাহে উল্লেখ আছিল ।
অৱশ্যে পান নগা হোহোৰ ৰাজনীতি বিকল্প হিচাপে পান নগা হোহোৰ সাংস্কৃতিক সংস্থা হিচাপে গঠনৰ বাবে ভাৰত চৰকাৰ সহমত হৈছিল । সম্প্ৰতি আৰ এন ৰবিয়ে এনে বিতৰ্কিত মন্তব্যত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কালি কেম্প হেব্ৰনৰ পৰা জাৰি কৰাৰ এক বাৰ্তা আৰ এন ৰবিক নগা ৰাজনৈতিক সমস্যা সমাধান ক্ষেত্ৰত মধ্যস্ততাকাৰী হিচাপে নহৈ চোৰাংচোৱা মুৰব্বীৰ ভূমিকাত অৱৰ্ত্তীণ হৈ দুমখীয়া নীতি গ্ৰহণ কৰিছে ।
এন এছ চি এনে স্পষ্ট কৰি দিয়ে যে এন এছ চি এনৰ বাবে চূড়ান্ত চুক্তি স্বাক্ষৰত বিলম্ব হোৱা নাই । তেওঁলোকে নগাসকলৰ ইতিহাসৰ আধাৰতহে দশকজোৰা নগা সমস্যাৰ সন্মানজনক সমাধান বিচাৰিছে । ইফালে যোৱা বৃস্পতিবাৰে এন এছ চি এন আই এমৰ ডিমাপুৰত থকা মুখ্য কাৰ্যালয় কেম্প হেব্ৰনত ইণ্ডো নগা শান্তি আলোচনা আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ অভিযান আৰু অতিশয্যৰ সন্দৰ্ভত বিচাৰ পৰামৰ্শ কৰা উদ্দেশে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা আৰু বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬০০ সদস্য উপস্থিত থকা বৈঠকত নগা ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ আধাৰত ভাৰত চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/8816a05b-29b6-4799-8839-aa8d97ff86c8.jpg)
অৱশ্যে এন এছ চি এনে এই কথা স্পষ্ট কৰি দিয়ে যে নগা জাতীয় পতাকা আৰু সংবিধান নগাসকলৰ জাতীয় পৰিচয় । ইয়াৰ মান্যতা প্ৰদান কৰি নগা ৰাজনৈতিক সমস্যাটোৰ সন্মানজনক সমাধান কৰাতো নগাসকলৰ অধিকাৰ ৰ ভিতৰত পৰে । আনহাতে বিদ্ৰোহী সংগঠনটোৱে ভাৰত চৰকাৰক তেওঁলোকৰ সদস্যৰ বিৰুদ্ধে এন আই এৰ অভিযান আৰু হাৰাশাস্তি বন্ধ কৰিবলৈ আহ্বান জনায় ।
কিয়নো সংগঠন টোৱে বিগত ২৩ বছৰ ধৰি যুদ্ধ বিৰতি চুক্তি আৰু শান্তি আলোচনাত আছে । উল্লেখযোগ্য যে ভাৰত চৰকাৰ আৰু এন এছ চি এন মুইভা গোটৰ মাজত চূড়ান্ত চুক্তি স্বাক্ষৰ সন্দৰ্ভত এনেদৰে অভিযোগ – প্ৰতিঅভিযোগ কৰা কাৰ্যই নগা জনসাধাৰণৰ হতাশাত ভোগাইছে ।