উমৰাংচুত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

উমৰাংচুত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

author-image
asomiyapratidin
New Update
ডিব্ৰুগড়ত শিলেৰে মৰিয়াই হত্যা এজনক

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, উমৰাংচুঃ উমৰাংচুত সোমবাৰে পুৱা উদ্ধাৰ হয় এটি মৃতদেহ। উমৰাংচুৰ ফেলকন উৎসৱস্থলীৰ সমীপৰ গোল্ফ ফিল্ডত মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। মৃতদেহটো ডিমা হাচাওৰ ১ নং লংটিন হাছিনগাঁৱৰ নিৱাসী সৰল কেম্প্ৰাইৰ পুত্ৰ ডিৰাছ কেম্প্ৰাই (৩৫)ৰ বুলি চিনাক্ত কৰিছে স্থানীয় লোকে।

উল্লেখ্য যে, মৃতদেহটো উদ্ধাৰ হোৱা স্থানত আছে প্ৰায় ১০০খনৈ সুৰাৰ বিপনী। যাৰ ফলশ্ৰুতিত অত্যাধিক মদ্যপান কৰাৰ বাবেই ব্যক্তিজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে একাংশ লোকে। ইয়াৰ পূৰ্বে ২০১৭ চনতো উক্ত স্থানত ফেলকন উৎসৱৰ পাছদিনা উমৰাংচুৰ দ্বীপন জিডুং নামৰ এজন ব্যক্তিক তেওঁৰ বলেৰ' বাহনৰ সৈতে অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ব্যক্তিজনৰ।

ইফালে, পূৰ্বৰ দৰেই একেটা স্থানতে এনেদৰে আন এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অত্যাধিক মদ্যপান কৰাৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও ব্যক্তিগৰকীৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা বুলি মন্তব্য কৰিছে আৰক্ষীয়ে।