এসপ্তাহে উদ্ধাৰ হোৱা নাই মেঘালয়ৰ অবৈধ কয়লা খনিত আৱদ্ধ ১৩ শ্ৰমিক

এসপ্তাহে উদ্ধাৰ হোৱা নাই মেঘালয়ৰ অবৈধ কয়লা খনিত আৱদ্ধ ১৩ শ্ৰমিক

author-image
asomiyapratidin
New Update
এসপ্তাহে উদ্ধাৰ হোৱা নাই মেঘালয়ৰ অবৈধ কয়লা খনিত আৱদ্ধ ১৩ শ্ৰমিক

ডিজিটেল ডেস্কঃ যোৱা এসপ্তাহতকৈও অধিক সময় মেঘালয়ৰ অবৈধ কয়লা খনিত আৱদ্ধ হৈ আছে ১৩জন শ্ৰমিক। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও, বৰ্তমালৈ পোৱা নাই কোনো সন্ধান।

ঘটনা সন্দৰ্ভত ইষ্ট জয়ন্তীয়া হিলছৰ উপায়ুক্ত এফ এম দোপথেয়ে কয়- আমি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছো। এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনী উদ্ধাৰ অভিযান চলাই আছে। অবৈধ কয়লা খনিটোৰ গাঁতটোত ইমান দিনে পানী জমা হোৱাৰ ফলত উদ্ধাৰ অভিযানত অসুবিধাৰ সৃষ্টি হৈছে। উদ্ধাৰকাৰী দলে গাঁতটোৰ পৰা পানী ওলাব চেষ্টা চলাই আছে।'