/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/shillong-curfew_11zon.jpg)
ডিজেটেল ডেস্কঃ সম্পূৰ্ণৰূপে এতিয়াও শান্ত হোৱা নাই শ্বিলং। মঙ্গলবাৰে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ কনভয়ত আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হৈছে ৰাজ্যখনত। তাৰ মাজতে বুধবাৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ শিথিল কৰা হৈছে কাৰ্ফিউ। একেদৰে ৰাজ্যখনত বন্ধ হৈ থকা মোবাইল ইণ্টাৰনেট সেৱাসমূহো খুলি দিয়াৰ ব্যৱস্থা কৰা হৈছে।
মেঘালয়ৰ চৰকাৰে ঘোষণা কৰা এক নিৰ্দেশনা অনুসৰি বুধবাৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ শিথিল হ'ব কাৰ্ফিউ। বিয়লি ৪ বজাৰ পৰা পুনৰ প্ৰযোজ্য হ'ব কাৰ্ফিউ। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ কেতিয়া কাৰ্ফিউ শিথিল হ'ব সেই বিষয়ে এতিয়ালৈকে কোনো নিৰ্দেশনা প্ৰকাশ পোৱা নাই।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই জনোৱা অনুসৰি পৰিস্থিতি কিছু উন্নত হৈছে আৰু বিগত দিন কেইটাত ৰাজ্যখনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ লগত জড়িত কোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।
ৰাজ্য চৰকাৰে গঠন কৰা আৰু উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচঙৰ নেতৃত্বত গঠিত শান্তি সমিতিয়েও বুধবাৰে প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বিলং চহৰখনতেই নহয়, সমগ্ৰ ৰাজ্যতে শান্তি আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে বিভিন্ন অংশীদাৰসকলৰ সমৰ্থন বিচাৰিছে।