মণিপুৰত নাৰ্ছৰ দেহত কোৰোনা ভাইৰাছ…

মণিপুৰত নাৰ্ছৰ দেহত কোৰোনা ভাইৰাছ…

author-image
asomiyapratidin
New Update
বাংলাদেশৰ ৩২ সীমান্তৱৰ্তী জিলাত বন্ধ কৰি দিয়া হৈছে ম’বাইল সেৱা…

ডিজিটেল ডেস্কঃ মণিপুৰত এগৰাকী ২২ বছৰীয়া যুৱতীৰ দেহত কোৰোনা পোৱা গৈছে কোভিড-১৯। কামজং জিলাৰ কোৰোনা ৰোগীগৰাকীৰ সৈতে মণিপুৰৰ কোৰোনা ৰোগীৰ সংখ্যা ৪ গৰাকীলৈ বৃদ্ধি পাইছে। কলকাতাৰ এখন হাস্পতালত নাৰ্ছ হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী। কিছুদিন পূৰ্বে তেওঁ নিজ ঘৰলৈ ঘূৰি আহি ইম্ফলৰ এনআইটিত কোৱাৰেন্টাইনত আছিল।

জৱাবৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সত তেওঁৰ কোৰোনা পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰা হৈছিল। কোৰোনা ধৰা পৰাত একেখন হাস্পতালৰ আইছ'লেশ্যন এৱাৰ্ডলৈ তেওঁক লৈ যোৱা হয়। য'ত তেওঁক চিকিৎসা প্ৰদান কৰা হ'ব।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে এগৰাকী ৩১ বছৰীয়া লোকৰ দেহত মণিপুৰত কোৰোনা ভাইৰাছ ধৰা পৰিছিল। মে' ১৩ তাৰিখে লোকজন মুম্বাইৰ পৰা উভতি আহিছিল। ইফালে এই দুজন লোকক বাদ দি প্ৰায় এমাহে মণিপুৰত নাছিল নতুন কোৰোনাৰ ৰোগী। মণিপুৰত শেষবাৰৰ বাবে নিজামুদ্দিন মাৰ্কাজত উপস্থিত থকা এজন ৬৫ বছৰীয়া লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল।