/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/corona-virus-case-ARUNACHAL-NEWS-UPDATE.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ ভাৰতীয় সেনা বাহিনীৰ তিনিজন জোৱান কোৰোনাত আক্ৰান্ত হৈছে। কোৰোনাত আক্ৰান্ত হোৱা সেনা জোৱান কেইজন অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ টেংগা সেনা ছাউনীৰ বুলি জানিব পৰা গৈছে। কোৰোনাত আক্ৰান্ত বুলি নিশ্চিত হোৱাৰ পাছত তেওঁলোকক সমীপবৰ্তী ডাহুং সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে কৰোনাত আক্ৰান্ত জোৱান কেইজনে বিগত সময়চোৱাত অঞ্চলটোৰ অসামৰিক লোকৰ সান্নিধ্যলৈ অহাৰ তথ্য বিচাৰি জিলা প্ৰশাসনৰ লোক সক্ৰিয় হৈ পৰিছে।
এক সতৰ্কীকৰণ জাননীত ৱেষ্ট কামেং জিলা প্ৰশাসনে অসামৰিক লোকক অত্যন্ত জৰুৰী নহ'লে সেনা শিবিৰৰ ওচৰলৈ নাযাবলৈ সকিয়াই দিছে। সেনা জোৱান কেইজনৰ শেহতীয়া ভ্ৰমণৰ তথ্য এই পৰ্যন্ত জানিব পৰা হোৱা নাই। উল্লেখ্য যে, কেইবা হেজাৰো ভাৰতীয় সেনা থকা এই টেংগা সেনা শিবিৰটো অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ পহৰাৰ দায়িত্বত থকা সেনাই ট্ৰেনজিট কেম্প হিচাপেও ব্যৱহাৰ কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/dbc013d4-c7f3-4025-8146-ac4f37b5c22e-576x1024.jpg)
কোৰোনাত আক্ৰান্ত হোৱা তিনিজনৰ ভিতৰত এজন সেনা বাহিনীৰ চিকিৎসক। জানিব পৰা মতে কিছুদিনৰ পূৰ্বে তেওঁ দিল্লীৰ পৰা টেংগালৈ আহিছিল আৰু চিকিৎসালয়ত ৰোগী চাইছিল। টেংগাৰ চিকিৎসালয়ত অসামৰিক লোকেও চিকিৎসা গ্ৰহণ কৰে। সেয়ে টেংগাত এই লৈ এক আতংকময় পৰিবেশ বিৰাজ কৰিছে।