মণিপুৰৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ আক্ৰমণঃ কামাণ্ডিং বিষয়া, পত্নী, পুত্ৰসহ বহু কেইজন সেনা জোৱান নিহত…

মণিপুৰৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ আক্ৰমণঃ কামাণ্ডিং বিষয়া, পত্নী, পুত্ৰসহ বহু কেইজন সেনা জোৱান নিহত…

author-image
asomiyapratidin
New Update
মণিপুৰৰ ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ আক্ৰমণঃ কামাণ্ডিং বিষয়া, পত্নী, পুত্ৰসহ বহু কেইজন সেনা জোৱান নিহত…

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হ'ল উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰামণত অসম ৰাইফলছৰ কামাণ্ডিং অফিচাৰ আৰু তেওঁৰ পত্নীসহ কেইবাজনো সেনাজোৱান নিহত হৈছে। পুৱা ১০ বজাত মনিপুৰৰ ম্যানমাৰ সীমান্তৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ এলেকাত সংঘটিত হয়।

Advertisment

৪৬ অসম ৰাইফলছৰ কামাণ্ডিং বিষয়া বিপ্লৱ ত্ৰিপাঠী তেওঁ পৰিয়াল আৰু কিউআৰটিৰ সৈতে যাত্ৰাৰ সময়তে এই আক্ৰমণ সংঘটিত কৰিছিল উগ্ৰপন্থীয়ে।জানিব পৰা মতে এই আক্ৰমণত কামাণ্ডিং বিষয়া, তেওঁৰ পত্নী আৰু এটি শিশু আৰু কিউ আৰ টিত নিযুক্ত হৈ থকা ৫ জন জোৱান নিহত হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই ঘটনাক গৰিহণা দি টুইটাৰত লিখেছ, মণিপুৰৰ চুৰাচান্দপুৰত অসম ৰাইফলছৰ কনভয়ত হোৱা কাপুৰুচিত আক্ৰমণ অত্যন্ত বেদনাদায়ক আৰু নিন্দনীয়। দেশে কামাণ্ডিং অফিচাৰ, ৪৬ অসম ৰাইফলছ আৰু পৰিয়ালৰ দুজন সদস্যকে ধৰি ৫ জন সাহসী সৈনক হেৰুৱাইছে। শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা।

এই ঘটনাৰ পিছতে মণিপুৰৰ মুখ্যমন্ত্ৰী নংথম্বাম বীৰেন সিঙে এই আক্ৰমণক গৰিহণা দিছে। তেওঁ এই আক্ৰমণ সংঘটিত কৰা উগ্ৰপন্থীসকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰিছে। এই আক্ৰমণক অমানৱীয় সন্ত্ৰাসবাদী কাৰ্য বুলি কৈছে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে এই আক্ৰমণত নিহত কামাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পৰিয়ালৰ সদস্য আৰু সেনা জোৱান কেইজনৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকগ্ৰস্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে।