উত্তেজিত জনতাক প্ৰতিবাদ নকৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী পেমা খান্দুৰ

উত্তেজিত জনতাক প্ৰতিবাদ নকৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী পেমা খান্দুৰ

author-image
asomiyapratidin
New Update
উত্তেজিত জনতাক প্ৰতিবাদ নকৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী পেমা খান্দুৰ

ডিজিটেল ডেস্কঃ সোমবাৰে অৰুণাচলত স্থায়ী নিবাসীৰ প্ৰমাণপত্ৰ সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে মন্তব্য ব্যক্ত কৰে। তেওঁ কয়- 'মই সকলোকে জনাব বিচাৰো যে, আপোনালোকৰ দাবীসমূহ যোৱা ২২ ফেব্ৰুৱাৰী চৰকাৰে মানি লৈছে। পিআৰচি বিষয়টো বৰ্তমান বন্ধ আছে। মই অনুৰোধ জনাইছো, আপোনালোকে বিৰোধিতা-প্ৰতিবাদ বাতিল কৰক আৰু চৰকাৰক সহযোগ কৰক।'

উল্লেখ্য যে, দেওবাৰে অৰুণাচলত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। উত্তেজিত একাংশ লোকে মুখ্যমন্ত্ৰী পেমা খান্দুৰ বাসভৱনত আক্ৰমণ চলোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজভৱনত আশ্ৰয় লৈছিল।