দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে মণিপুৰত নিৰ্বাচনী হিংসাঃ আৰক্ষীৰ বাহনৰ সৈতে মুঠ ১৩ খন বাহন ক্ষতিগ্ৰস্ত…

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে মণিপুৰত নিৰ্বাচনী হিংসাঃ আৰক্ষীৰ বাহনৰ সৈতে মুঠ ১৩ খন বাহন ক্ষতিগ্ৰস্ত…

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে মণিপুৰত নিৰ্বাচনী হিংসাঃ আৰক্ষীৰ বাহনৰ সৈতে মুঠ ১৩ খন বাহন ক্ষতিগ্ৰস্ত…

ডিজিটেল ডেস্কঃ মণিপুৰৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে সংঘটিত হৈছে নিৰ্বাচনী হিংসা। বুধবাৰে নিশা মণিপুৰৰ কাকচিং খুনাউত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি নিশা প্ৰায় ১১-৩০ বজাত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত ৮ খনকৈ দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনকে ধৰি মুঠ ১৩ খন বাহন ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষতিগ্ৰস্ত বাহনবোৰৰ ভিতৰত আৰক্ষীৰ বাহনো আছে।

Advertisment

উল্লেখ্য যে, উত্তৰ পূবৰ ৰাজ্য মণিপুৰত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৫ মাৰ্চত অনুষ্ঠিত হ'ব। মণিপুৰৰ বিধানসভাত ৬০ খন আসন আছে আৰু বৰ্তমান ইয়াত বিজেপি দলে চৰকাৰ গঠন কৰি আছে। অহা১৯ মাৰ্চত মণিপুৰ বিধান সভাৰ কাৰ্যকাল সমাপ্ত হ'ব।