মেঘালয়ৰ সক্ৰিয় কৰ্মী এগ্নেছ খাৰছিঙক আক্ৰমণৰ সন্দেহত ২জনক কৰায়ত্ত

মেঘালয়ৰ সক্ৰিয় কৰ্মী এগ্নেছ খাৰছিঙক আক্ৰমণৰ সন্দেহত ২জনক কৰায়ত্ত

author-image
asomiyapratidin
New Update
মেঘালয়ত কয়লা মাফিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত সক্ৰিয় সমাজকৰ্মী এগ্নেছ খাৰছিং

ডিজিটেল সংবাদ, শ্বিলংঃ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা মেঘালয়ৰ সক্ৰিয় কৰ্মী এগ্নেছ খাৰছিং আৰু আন দুগৰাকীক আক্ৰমণ চলোৱা ঘটনা সন্দৰ্ভত ২জনকৈ লোকক কৰায়ত্ত কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে। শুকুৰবাৰে মেঘালয় আৰক্ষীয়ে ৰাজ্যখনৰ কংগং অঞ্চলৰ পৰা লোক দুজনক কৰায়ত্ত কৰে। ধৃত লোক দুজন হৈছে এলফন ডখাৰ আৰু মেক্লিছন ছিয়াংছাই।

আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হোৱাত এজাহাৰ দাখিল কৰিব নোৱৰাত ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰে মেঘালয় আৰক্ষীয়ে। উক্ত গোচৰৰ ভিত্তিতে বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাই লোক দুজনক জালত পেলাবলৈ সমৰ্থ হয়।

নৰ্থ-ইষ্ট ইন্দিৰা গান্ধী ৰিজিঅ'নেল ইনষ্টিটিউট অব হেলথ্ মেডিকেল ছায়েন্সৰ সূত্ৰই জনোৱা মতে এতিয়াও সংকটজনক অৱস্থাতে আছে আক্ৰমণত আহত খাৰছিং। 'নেত্ৰীগৰাকী এতিয়াও ভেন্টিলেটৰতে আছে। আন দুগৰাকী ক্ৰমাৎ সুস্থ হৈ উঠিছে।'-এইদৰে কয় চিকিৎসালয়খনৰ সূত্ৰই।

ইফালে, খাৰছিঙৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰি দোষীক শীঘ্ৰে শাস্তি প্ৰদান কৰিবলৈ শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যখনৰ কেবাটাও দল-সংগঠনে। সংগঠনকেইটাই ধৰ্ণা আৰু সমদলৰে উত্তাল কৰি তোলে ৰাজধানী শ্বিলং।