/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/e2c25b30-e5ea-4def-ae8b-378840ca0152.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃ প্ৰত্যাশিতভাবে সকলোৱে নতুন বছৰৰ উলহ-মালহৰ মাজত ব্যস্ত থকাৰ সময়তে মঙলবাৰে বছৰৰ প্ৰথম দিনটোতে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ চীনে ভাৰতবাসীৰ বাবে কঢ়িয়াই আনিছে এক বেয়া খবৰ। বিশ্বৰ ভিতৰতে আটাইতকৈ কম ওজনৰ আৰু কঠিন পৰ্বতীয়া ঠাইত বিধ্বংসী ৰূপ ল'ব পৰা এক নতুন টেংক নিৰ্মাণ কৰিছিল ৰঙা চীনে। যোৱা নবেম্বৰ মাহত চীনে সামৰিক সংস্কাৰ অভিযানৰ চল্লিছ বৰ্ষপূৰ্তি অনুষ্ঠানত এই নতুন টেংকখন প্ৰদৰ্শন কৰিছিল। কিন্তু ইতিমধ্যেই চীনে তিব্বত সীমান্তৰ ৫০ৰো অধিক সেনা শিবিৰলৈ এই নতুন টেংক সমুহ নিৰাপত্তজনিত কাৰণত প্ৰেৰণ কৰিছে বুলি চীনে প্ৰকাশ কৰিছে। চীন অধিকৃত তিব্বতৰ ভালেকেইটা সামৰিক ঘাটি আছে অৰুণাচল প্ৰদেশ সীমান্তত। কিন্তু সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰা চীনৰ এই নতুন টেংকখনৰ বিশেষত্ব নো কি?
এই টেংকখনৰ নাম টাইপ-ফিফটিন টেংক। চীনে নিৰ্মাণ কৰা টাইপ-৯৯ বা টাইপ-৯৬ টেংকটকৈ এই টেংকখনৰ ওজন বহুত কম। টাইপ ৯৯ বা টাইপ ৯৬ টেংক এখনৰ ওজন ৫৮ টনৰ পৰা ৪৩ টনৰ হোৱাৰ বিপৰীতে টাইপ-১৫ টেংক এখনৰ ওজন ৩২ ৰ পৰা ৩৫ টন মাত্ৰ। একেদৰে চীনে নিৰ্মাণ কৰা আন যুদ্ধ টেংকৰ ইঞ্জিনৰ ক্ষমতা ৫০০ হৰ্ছ পাৱাৰ হোৱাৰ বিপৰীতে এই বিশেষ টেংকখনৰ ইঞ্জিনৰ ক্ষমতা দুগুন অৰ্থাত ১০০০ হৰ্ছ পাৱাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/e9d2ded5-3dc4-4f11-b1c1-cc7ef8164d5e.jpg)
কেৱল এয়ে নহয়, এই টেংকখন এনেদৰে নিৰ্মাণ কৰা হৈছে যে পাহাৰ-পৰ্বতত ই হেলাৰঙে বগাই শত্ৰুপক্ষক তছ-নছ কৰি দিব পাৰে। বিশ্বত নিৰ্মাণ কৰা আন টেংকৰ তুলনাত এই টেংকখনৰ সহন ক্ষমতা বেছি বাবে ইয়াক সহজে ধংস কৰিব নোৱাৰে। আনহাতে সাধাৰণতে আন টেংকত ব্যৱহাৰ কৰা ৮৫ মিলি মিটাৰৰ শ্বেলৰ বিপৰীতে টাইপ ১৫ টেংকত ১০৫ মিলি মিটাৰৰ গাইডেদ মিছাইল ব্যৱহাৰ কৰা হয়। চীনৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ য়ু কিয়ানে টেংকখন ইতিমধ্যে তীব্বত সীমান্তৰ সামৰিক ঘাটিবোৰলৈ প্ৰেৰণ কৰাৰ কথা যোৱা ২৯ ডিচেম্বৰত মুকলিকৈ প্ৰকাশ কৰিছে।
এতিয়া প্ৰশ্ন হয়, চীনে পাহাৰীয়া ঠাইত ব্যৱহাৰ কৰাৰ বাবে বিশেষভাবে নিৰ্মাণ কৰা এনে তাইপ-১৫ টেংক এতিয়া অৰুণাচল প্ৰদেশ সীমান্তৰ সামৰিক ঘাটিবোৰত মজুত কৰি ৰাখিছে? দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশক চীনৰ অংগ বুলি দাবী কৰি থকা চীনে ভাৰত চৰকাৰৰ ওপৰত এইবাৰ সামৰিক চাপ বৃদ্ধিৰ উদ্দেশ্যৰেই যে এই বিধ্বংশী টেংকসমূহ ভাৰত-চীন সীমান্তৰ তীব্বতলৈ প্ৰেৰণ কৰিছে তাত কোনো সন্দেহ নাই। ইয়াৰ পূৰ্বে চীনে চিকিমৰ ড'কলাম সীমান্তত ভাৰতীয় সেনাৰ লগত ফেপেৰি পাতি ৭৩ দিন ধৰি অচলাবস্থাৰ সৃষ্টি কৰিছিল। ২০১৮ বৰ্ষত অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাৰ য়িংকিয়ঙৰ সমীপৰ গেলিঙত অৰুণাচল প্ৰদেশৰ ভিতৰত প্ৰবেশ কৰি চীন সেনাই পথ নিৰ্মাণ কৰিছিল।
একেদৰে ৱেষ্ট ছিয়াং জিলাৰ মনিগঙৰ ওচৰৰ সীমান্তৰ সিপাৰে এল অ' চিত চীনে নতুনকৈ সামৰিক ঘাটি স্থাপন কৰাৰ বাতৰি প্ৰকাশ হৈছিল। ভাৰতীয় চোৰাংচোৱাই প্ৰেৰণ কৰা অৰুণাচলৰ স্থানীয় চোৰাংচোৱাই চীনৰ দখলত থকা তীব্বতত অৰুণাচলৰ সীমান্তত অত্যাধুনিক বিমান বন্দৰকে আদি কৰি নতুন চহৰ গঢ়ি তোলাৰ ভিডিঅ' সংগ্ৰহ কৰিছিল। চীনৰ এই নতুন চহৰ বিকাশৰ লগতে সেই স্থানত সামৰিক ঘাটী স্থাপনৰ বাতৰিয়ে স্বাভাবিকতে দেশযুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সেই সময়তে চীনে অত্যাধুনিক টাইপ-১৫ টেংক অৰুণাচল সীমান্তলৈ প্ৰেৰণ কৰা ঘটনাই চীন আৰু ভাৰতৰ মাজত সম্পৰ্ক বেয়া হোৱাৰ আগজাননীহে প্ৰেৰণ কৰা বুলি আন্তঃৰাষ্ট্ৰীয় সামৰিক পৰ্যবেক্ষকসকলে মন্তব্য কৰিছে।
যি সময়ত অৰুণাচল প্ৰদেশত চীন সীমান্তলৈ যোৱাৰ বাবে আজিও ভাৰতীয় সেনা বাহিনীয়ে পদব্ৰজে যাত্ৰা কৰিব লাগে সেই সময়ত চীনে যি কোনো পাহাৰীয়া অঞ্চলত চলাব পৰা এনে টেংক মোতায়েন কৰা কথাই অশনি সংকেট কঢ়িয়াই আনিছে। উল্লেখ্য যে প্ৰতিৰক্ষাৰ দিশৰ পৰা অৰুণাচল প্ৰদেশৰ দৰে স্পৰ্ষকাতৰ ৰাজ্যত ভাৰত চৰকাৰে এতিয়াও পথ নিৰ্মাণৰ ডি পি আৰ প্ৰস্তুত কৰি থকাৰ সময়তে চীনে তীব্বত সীমান্তত চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। এনে পৰিস্থিতিত চীনে নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক টেংক অৰুণাচল প্ৰদেশ সীমান্তলৈ প্ৰেৰণ কৰা কথাই চীনে অৰুণাচল দখলৰ বাবে চলাই অহা পৰিকল্পনাৰে এক অন্যতম অংশ বুলি আশংকা কৰা হৈছে।