লাডাখৰ পাছত এইবাৰ অৰুণাচলত চীনা সেনাৰ আগ্ৰাসন…

লাডাখৰ পাছত এইবাৰ অৰুণাচলত চীনা সেনাৰ আগ্ৰাসন…

author-image
asomiyapratidin
New Update
লাডাখৰ পাছত এইবাৰ অৰুণাচলত চীনা সেনাৰ আগ্ৰাসন…

ডিজিটেল সংবাদ, ইটানগৰঃ লাডাখত চীনা সেনাৰ আগ্ৰাসনৰ সময়তে অৰুণাচল প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চল নিজৰ দখললৈ নিয়ে চীনা চৰকাৰে। মেকমোহন লাইনৰ পৰা বহু আগুৱাই আহি অৰুণাচলবাসীয়ে পূৰ্বৰে পৰা বসবাস কৰি আপাৰ সোৱণশিৰিৰ আছাপিলা আৰু লংজু ছেক্টৰৰ সোৱণশিৰি নদীৰ দুয়োপাৰ দখল কৰিছে।

কেৱল দখল কৰাই নহয়, আছাপিলা আৰু মাজা নামৰ ঠাইত পকী দলং, পকী ঘৰ আৰু হেলিপেড পৰ্যন্ত নিৰ্মাণ সম্পূৰ্ণ কৰিছে চীনে। এখন নদীৰ ওপৰত দুখন দলং নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে। দলংখনৰ দুয়োপাৰে সংযোগী দুইলেনযুক্ত পথটো দেখিলেই ধৰিব পাৰি যে ইয়াৰ নিৰ্মাণ কাৰ্য নতুন।

মন কৰিব লগীয়া যে, এই পকী দলংখনৰ কাষতে থকা লোহাৰ দলংখন নিৰ্মাণ কৰিছিল ভাৰতৰ বিআৰটিএফে। ইফালে, চীনা সেনাৰ আগ্ৰাসনৰ বাবে এসময়ত ভাৰতীয় সেনাই দপদপাই থকা এলেকাটোৰ পৰা আঁতৰি আহিব লগা হৈছে ভাৰতীয় সেনা।

মেকমোহন লাইনৰ পৰা ১০-১২ কিলোমিটাৰ আগুৱাই আহি চীনা সেনাই ভাৰতীয় সেনাৰ ঘাটি এটাও দখল কৰিছে। মাজা নামৰ ঠাইখনত থকা ভাৰতীয় সেনা কেইবা কিলোমিটাৰ আঁতৰাই আনিব লগা হৈছে। আনহাতে, বিছা, আচাপিলা আৰু লংজু আদি ঠাইবোৰো চীনৰ দখলত।

বৰ্তমান চীনৰ দখলত থকা আছাপিলা নামৰ ঠাইখনত পূৰ্বে ভাৰতীয় সেনাৰ শিবিৰ আছিল। সেই শিবিৰত ভাৰতীয় সেনাৰ কেপ্টেইন হিচাপে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা যশোৱন্ত সিঙে ১৯৬৪ৰ পৰা ১৯৬৬চনলৈকে কাম কৰিছিল। কিন্তু সেই ঠাই এতিয়া চীনা সেনাৰ দখলত।

এই কথা প্ৰকাশ কৰিছে অৰুণাচল পূব সংসদীয় সমষ্টিৰ বিজেপিৰ সাংসদ টাপিৰ গৱৰে। সাংসদজনে কয় যে চীনা সেনাই অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰিৰ বিস্তীৰ্ণ অঞ্চল ভাৰতীয় সেনাৰ দখলৰ পৰা নিজৰ দখললৈ নিছে। মাজা এলেকাত স্থাপন কৰিছে এটা ক্ষুদ্ৰ জল বিদ্যুৎ প্ৰকল্প আৰু হেলিপেড।